মুছলিম জাতীয় পৰিষদৰ ৰাজনৈতিক উত্থান

মুছলিম জাতীয় পৰিষদৰ সভাপতিৰ কথাখিনি শুনিলোঁ। ডি-ভোটাৰ, মুছলিম ৰিজাৰ্ভেশ্বন, মুছলমান গণহত্যাৰ লগতে আন বহুতো কথাই তেখেতৰ কথোকথনত ঠাই পালে, যিবিলাক কথা সম্পূৰ্ণ যুক্তিযুক্ত। আই এম ডি টি এক্টৰ বাতিলৰ লগে লগে জন্ম লাভ কৰা, মুছলমান সংখ্যালঘূৰ অধিকাৰৰ সপক্ষে এসময়ত বলিষ্ঠ ভাৱে মাত মাতি অহা, মুছলমান সকলে মছিহা বুলি জ্ঞান কৰা এ আই ইউ ডি এফ দলৰ উদ্দেশ্য আৰু লক্ষ্য সমূহো যিটো সময়ত হেৰুৱাই গৈছে কোনোবা পাহৰণিৰ গৰ্ভত সেইটো সময়ত অসমৰ মুছলমান সকলৰ ন্যায্য দাবীক অগ্ৰাধিকাৰ দি জন্ম গ্ৰহণ কৰা মুছলিম জাতীয় পৰিষদৰ ভূমিকা আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত খুবেই লক্ষ্যনীয় হব।


মিত্ৰতাৰ খাতিৰতেই হওঁক নাইবা আন কিবা কাৰণতেই হওঁক এ আই ইউ ডি এফে নৰমপন্থী হিন্দুত্ববাদৰ সমৰ্থক কংগ্ৰেছৰ শ্ৰুতলিপি অনুসৰি কাম কৰিবলৈ বাধ্য হৈছে বিগত সময়চোৱাত। মুছলমানৰ জ্বলন্ত সমস্যাৰ বিষয়ে মাত মাতিলে এ আই ইউ ডি এফক সাম্প্ৰদায়িক-মৌলবাদী আখ্যায়িত কৰি মিত্ৰতা ছেদ কৰা হ'ব। সেই কাৰণেই কোনো দল সংগঠন বা এ আই ইউ ডি এফেও মাদ্ৰাছা শিক্ষা বন্ধৰ নিচিনা উগ্ৰ সাম্প্ৰদায়িক সিদ্ধান্তৰ শক্তিশালী ৰূপত বিৰোধিতা কৰিব পৰা নাই। এতিয়া আপুনি নিৰূপণ কৰক সাম্প্ৰদায়িক কোন?

অসমৰ আটাইতকৈ লাঞ্ছিত-শোষিত, ধাৰাবাহিক গণহত্যাৰ বলি হোৱা মুছলমান সংখ্যালঘুৰ জ্বলন্ত সমস্যাৰ বিষয়ে বিগত সময়চোৱাত সকলো ৰাজনৈতিক দলক মৌনতা অৱলম্বন কৰা দেখা গৈছে। সকলোৱে এটাই কাৰণ দাঙি ধৰে, "মুছলমান সকলৰ ন্যায্য অধিকাৰৰ বাবে মাত মাতিলে বিজেপিক মেৰুকৰণৰ সুবিধা কৰি দিয়া হ'ব যাৰ বাবে নেকি ২০২১ ত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব।'' ইয়াতকৈ অযুক্তিকৰ আৰু খুহুতীয়া মন্তব্য আন কিবা থাকিলে মই শুনিবলৈ আগ্ৰহী।

দলৰ নাম আৰম্ভ হৈছে 'মুছলিম' শব্দৰে, নাইবা দলটোৰ শীৰ্ষ পৰ্যায়ৰ নেতা সকল মুছলমান। কেৱল মাত্ৰ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই যদি কোনোবা এটা দলক সাম্প্ৰদায়িক-মৌলবাদী নাইবা বিভাজনকাৰী হিচাপে আখ্যা দিয়া হয়, তেন্তে নিজকে আকৌ এবাৰ প্ৰশ্ন কৰা উচিত, ''সাম্প্ৰদায়িক আচলতে কোন?'' নৰমপন্থী হিন্দুত্ববাদত বিশ্বাসী তথাকথিত লিবাৰেল-ছেকুলাৰ সকলেই নিৰূপণ কৰা নাইতো আপোনাৰ মনত গঢ় লোৱা সাম্প্ৰদায়িকতাৰ সংজ্ঞা!!

হঠাতে আৱিৰ্ভাৱ হোৱা দলটোৰ অৱস্থান সন্দেহৰ আৱৰ্তত। তথাপিও কোনো বিষয়ৰ ওপৰত আলোচনা কৰোঁতে ভাৰতীয় তথাকথিত ছেকুলাৰ-লিবাৰেল সকলে যেনেকৈ পাকিস্তান নাইবা মুছলমানৰ প্ৰসংগ টানি আনিব নোৱাৰাকৈ আলোচনা আগুৱাই নিব নোৱাৰে, অসমৰ ক্ষেত্ৰতো কোনো বিষয়ে আলোচনা কৰোঁতে জাতীয়তাবাদী নৰমপন্থী হিন্দুত্ববাদী লিবাৰেল বুদ্ধিজীৱী মহল নাইবা সংবাদ মাধ্যমে অসমৰ কোনো আলোচ্য বিষয়ো পাকিস্তান-বাংলাদেশ-সন্দেহযুক্ত-সাম্প্ৰদায়িক-বিভাজনকাৰী আদি মুছলিম প্ৰসংগ টানি আনিব নোৱাৰাকৈ আলোচনা আগবঢ়াই নিব নোৱাৰাটো কিমান অসাম্প্ৰদায়িক সেয়া ৰাইজে বিবেচনা কৰক।


✒️ মোহিত আছলাম।

Post a Comment

Previous Post Next Post