ইছলামৰ দৃষ্টিত সাংগঠনিক আচৰণ

 


মানুহৰ ক্ষমতা আল্লাহৰ দিয়া আমানত:

লক্ষ্যণীয় বিষয় হৈছে যে, আল্লাহ ৰাব্বুল আ'লামীনে মানুহক তেঁও দিয়া বিধান অনুযায়ী জীৱন যাপন কৰা বা তাৰ অবাধ্যতা কৰাৰ ক্ষমতা প্ৰদান কৰিছে। প্ৰকৃত পক্ষে ই আল্লাহৰ ফালৰ পৰা মানুহৰ ওচৰত ৰখা এটি অতি গুৰুত্বপূৰ্ণ আমানত।

মানুহে ইচ্ছা কৰিলে এই ক্ষমতাৰ সদ্ব্যেবহাৰ কৰিব পাৰে নাইবা ইয়াৰ আপব্যৱহাৰো কৰিব পাৰে। এই ক্ষমতাৰ সদ্ব্যেৱহাৰ তেতিয়া হয় যেতিয়া মানুহে পৰিপূৰ্ণ ভাবে আল্লাহু তা'লাৰ ওচৰত আত্মসমৰ্পণ কৰে, তেওঁ দিয়া দিয়া বিধানক জীৱনৰ সকলো দিশ আৰু বিভাগত কাৰ্যকৰী কৰে।

আকৌ এই ক্ষমতাৰ আপব্যৱহাৰ তেতিয়া হয় যেতিয়া মানুহে নিজে উদ্ভাৱন কৰা বিধান বা অইন মানুহে তৈয়াৰ কৰা বিধান অনুযায়ী জীৱন যাপন কৰে।

অৱশ্যে আল্লাহু তা'লায় মানুহক স্পষ্ট ভাবে জনাই দিছে যে, সি যদি আল্লাহে দিয়া এই ক্ষমতাৰ সদ্ব্যেৱহাৰ কৰে তেন্তে তেওঁ পাৰ্থিৱ জীৱনত সুখ,শান্তি তথা কল্যাণ লাভ কৰিব আৰু আখিৰাতত বিপুল ভাবে পুৰস্কৃত হব।আকৌ সি যদি এই ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে তেওঁ অসুখ, অশান্তি তথা অকল্যাণৰ আৱৰ্তত পাকঘুৰনী খাব আৰু আখিৰাতত কঠিন শাস্তিৰ সন্মুখীন হব।

                                *********

Post a Comment

Previous Post Next Post