শ্বাৰজীল উছমানিৰ নামত দেশদ্ৰোহৰ গোচৰ ৰোজু

এল্গাৰ পৰিষদ ২০২১ ৰ ভাষণক লৈ কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰ আৰক্ষীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাবিছৰ অনুৰোধ ৰক্ষা কৰি শ্বাৰজীল উছমানিৰ নামত গোচৰ ৰোজু কৰাৰ পিছতেই আজি আকৌ উত্তৰ প্ৰদেশ আৰক্ষীয়ে উছমানিৰ নামত দেশদ্ৰোহৰ গোচৰ ৰোজু কৰে।

উল্লেখযোগ্য যে দেশৰ লাঞ্ছিত-শোষিত মুছলমানৰ অধিকাৰৰ বাবে বলিষ্ঠ ভাৱে মাত মাতি অহা শ্বাৰজীল উছমানিৰ নামত ইয়াৰ পূৰ্বেও CAA আন্দোলনৰ সৈতে জড়িত থকাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোচৰ ৰোজু কৰি প্ৰায় এক মাহৰো অধিক জামিন বিহীন ভাৱে কাৰাগাৰত ৰাখে, পিছত অৱশ্যে উছমানিয়ে জামিন লাভ কৰিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post