আটাইতকৈ বয়োজেষ্ঠ আন্দোলনকাৰী গ্ৰেপ্তাৰ


২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ ঐতিহাসিক কৃষক আন্দোলনৰ সৈতে জড়িত আটাইতকৈ বয়সীয়াল আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে। পাঞ্জাৱৰ ফাতেহগড় জিলাৰ শ্বামচ‌্পুৰ গাঁৱৰ নিবাসী কৃষক তথা অৱসৰপ্ৰাপ্ত সেনা জোৱান গোৰমুখ সিংৰ বয়স ৮০ বছৰ।


দিল্লীত গণতন্ত্ৰ দিৱসৰ দিনা গ্ৰেপ্তাৰ হোৱা ১২২ জন আন্দোলনকাৰীৰ সৈতে গোৰমুখ সিংৰ নামো উল্লেখ আছে। উল্লেখযোগ্য যে কৃষক সংগঠন সমূহে গ্ৰেপ্তাৰ হোৱা আন্দোলনকাৰী সকলক সকলো আইনী সাহাৰ্য্য আগবঢ়াই আছে।



উৎস: ইণ্ডিয়ান এক্সপ্ৰেছ

Post a Comment

Previous Post Next Post