কপিল মিশ্ৰৰ 'হিন্দু ইক'ছিষ্টেম'ৰ ভয়াবহ তথ্য ফাদিল

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত গণহত্যাৰ মুখ্য অভিযুক্ত, বিজেপি নেতা তথা আম আদমী পাৰ্টিৰ প্ৰাক্তন মন্ত্ৰী কপিল মিশ্ৰই ১৬ নৱেম্বৰ ২০২০ ত এটা টুইটৰ জৰিয়তে 'হিন্দু ইক'ছিষ্টেম' নামৰ এটা দলত যোগদান কৰিবলৈ আহ্বান জনায়।


তেওঁলোকৰ প্ৰথম ১৫ দফীয়া কাৰ্যসূচীৰ ভিতৰত আছিল-

১. সনাতন ধৰ্ম- ভাৰতীয় ভৌগোলিক পৰিসীমাৰ বাহিৰলৈ বিস্তাৰ।

২. মহিমান্বিত মন্দিৰ- আশ্চৰ্যজনক স্থাপত্য-ভাস্কৰ্য

৩. প্ৰগতিশীল কামত হিন্দু মন্দিৰ সমূহৰ অৰিহণা- বিদ্যালয়, মহাবিদ্যালয়, খাদ্যবস্তু বিতৰণ, আশ্ৰয়গৃহ ইত্যাদি।

৪. কালৰ সোঁতত হেৰুৱাই যোৱা মন্দিৰ (চাৰ্চ আৰু মছজিদে প্ৰতিস্থাপন কৰিছে)

৫. সমগ্ৰ ভাৰতত সংযোগ স্থাপন কৰা সাৰ্বজনীন উৎসৱ (কাৰ্তিক পূৰ্ণিমা ভাৰতৰ প্ৰতিটো প্ৰান্তত উদযাপন কৰা হয়)

৬. ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজত নিহিত বিজ্ঞান।

৭. পৰাক্ৰমী শাসক আৰু ডাঙৰ যুদ্ধ।

৮. সময়ৰ সোঁতত হেৰুৱাই যোৱা মহানগৰী সমূহ- মহানগৰীৰ ইতিহাস, কোনে আক্ৰমণ কৰিছিল আৰু নাম সলনি কৰিছিল ইত্যাদি।

৯. কেৱল মাত্ৰ হিন্দু উৎসৱ-পাৰ্বণ সমূহ লক্ষ্য কৰি লোৱা- ধৰ্ম নিৰপেক্ষতা বিহীন আৰু তুষ্টিকৰণৰ ৰাজনীতি।

১০. হিন্দু বিপ্লৱী- স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আঞ্চলিক মুক্তিযুদ্ধা সকল।

১১. হিন্দু হ'ল'কাষ্ট- হত্যাৰ বলি হোৱা মুঠ হিন্দুৰ সংখ্যা।

১২. বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰচলিত পাঠ্যক্ৰম সমূহৰ জৰিয়তে ভুল শিক্ষাদান- আনুষ্ঠানিক আৰু সাংস্কৃতিক আক্ৰমণ।

১৩. হিন্দু সংখ্যালঘূ ৰাজ্য- জনসংখ্যা বিন্যাস আৰু চৰকাৰী নীতি।

১৪. জনসংখ্যা বিন্যাস পৰিৱৰ্তনৰ বাবে হিন্দুসকলৰ প্ৰব্ৰজন।

১৫. স্মাৰক তালিকা।


উৎস: নিউজ ল'ণ্ড্ৰী (News Laundry)

Post a Comment

Previous Post Next Post