বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান:


হে বিশ্বাসী সকল, তোমালোকে মোৰ আৰু তোমালোকৰ শত্ৰুবিলাকক মিত্ৰ কৰি নলবা। তোমালোকে সিহতৰ লগত বন্ধুত্ব স্থাপন কৰিছা; কিন্তু তোমালোকলৈ যি সত্য আহিছে সেয়া সিহতে প্ৰত্যাখ্যান কৰিছে।সিহতৰ আচৰণ হ'ল- সিহতে ৰছুলক আৰু তোমালোকক দেশৰ পৰা কেৱল এইবাবে নিৰ্বাসিত কৰিছে যে তোমালোকে তোমালোকৰ প্ৰভূ আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰিছা। যদি তোমালোকে মোৰ পথত জিহাদ কৰিবলৈ আৰু মোৰ সন্তোষ লাভৰ মানসেৰে ( ঘৰ- বাৰী এৰি) আহিছা তেনেহলে তোমালোকে গোপনে সিহতলৈ বন্ধুত্বৰ বাৰ্তা পঠাইছা কিয়? তোমালোকে যি গোপন কৰা আৰু প্ৰকাশ কৰা সেয়া মই ভালকৈয়ে জানো। তোমালোকৰ যিজনে এনে আচৰণ কৰে সি সৰল সৎ পথৰ পৰা বিচ্যুত হয়। -মুমতাহিনা:১ ।

Post a Comment

Previous Post Next Post