বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান-৪

  • হে বিশ্বাসী সকল, অঙ্শীবাদীবিলাক অপৱিত্ৰ। সেয়ে এই বছৰৰ পিছত সিহত মছজিদে হাৰামৰ ওচৰলৈ আহিব নোৱাৰিব। তোমালোকে যদি অভাৱ অনাটনৰ আশঙ্কা কৰা, তেনেহলে আল্লাহে ইচ্ছা কৰিলে অচিৰেই তেওঁৰ কৰুণাৰে তোমালোকক সম্পদশালী কৰি দিব। আল্লাহ সৰ্বজ্ঞ,প্ৰজ্ঞাময়।   ( তওবা:২৮ )
  • হে বিশ্বাসী সকল,(ঐশীপুথীপ্ৰাপ্তসকলৰ) অনেক ধৰ্মগুৰু আৰু পুৰোহিতে মানুহৰ ধন-সম্পদ অসৎ উপায়েৰে ভক্ষণ কৰিছিল আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। যিবিলাকে সোণ-ৰূপ সঞ্চয় কৰে আৰু আল্লাহৰ পথত ব্যয় নকৰে সিহতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসঙ্বাদ দিয়া।   ( তওবা:৩৪ )
হে বিশ্বাসী সকল, তোমালোকৰ কি হ'ল, যেতিয়া তোমালোকক আল্লাহৰ পথত অভিযান কৰিবলৈ ওলাই আহিবলৈ কোৱা হ'ল, তেতিয়া তোমালোকে পৃথিৱীখনকে সাৱটি ধৰি থাকিলা। পৰকালৰ পৰিৱৰ্তে পাৰ্থিৱ জীৱনকলৈয়ে তোমালোক সন্তুষ্ট আছা নেকি?(সেয়ে যদি হয়, তেনেহলে জানি থোৱা) পৰকালৰ তুলনাত এই পাৰ্থিৱ জীৱনৰ ভোগ-বিলাস যৎসামান্য।  ( তওবা:৩৮ )





                                                         Shamodol

Post a Comment

Previous Post Next Post