খবৰৰ আগে-পিছে



  • ০মহাসঙ্কটৰ সময়তে ইজৰাইলৰ কোম্পানীৰ সাফল্য।PLX কোষ থেৰাপীৰে সুস্থ হৈছে সকলো কৰোণা ৰোগী।মাল্টি অৰ্গেন ফেইল হোৱা সাতগৰাকী ৰোগীৰ আৰোগ্য লাভ।



  • ০ তীব্ৰ গতিত বৃদ্ধি পাইছে কৰোণা সঙ্ক্ৰামণ। লকডাউন পৰ্যবেক্ষণৰ বাবে ছখন কমিটী গঠন কেন্দ্ৰৰ। ক্ৰমান্বয়ে অধিক ভয়াবহ হৈছে পৰিস্থিতি।২৪ ঘন্টাত দেশত ১,৫৫৩ আক্ৰান্ত, মৃত্যু ৩৪ । মুম্বাই-ইন্ডোৰ-পুনে-জয়পুৰ-কলকাতা-হাওৰা-২৪ পৰগনা-দাৰ্জিলিঙ-কালিম্পঙ-জলপাইগুৰিৰ অৱস্থা অতি গুৰুতৰ বুলি ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ: দেশত সৰ্বমুঠ আক্ৰান্ত ১৮ হেজাৰ অতিক্ৰম, মৃত্যু ৫৭০ ।



  • ০ মূখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ সঙবাদ মেল।৩৩শতাঙশ কৰ্মচাৰীৰ উপস্থিতিৰে আজিৰ পৰা খুলিব চৰকাৰী কাৰ্যালয়।


  • ০  ৰাজ্যত আঢ়ৈ মাহলৈ মজুত আছে খাদ্য সামগ্ৰী।নুনমাটি-চাঙসাৰিৰ খাদ্য নিগমৰ গুদাম পৰিদৰ্শন মূখ্যমন্ত্ৰীৰ।ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ প্ৰতি সদস্যক মাহে কেজিকৈ চাউল দিব চৰকাৰে।



  • ০ অসম কেয়াৰ আঁচনি-মুকলি।বহি: ৰাজ্যত আবদ্ধ অসমৰ ৮৬ হেজাৰ লোকৰ একাউণ্টত জমা দিলে দুহেজাৰকৈ টকা।



  • ০ ৰাজ্যত নিৰ্মাণ নহয় ৬ প্ৰি ফেব্ৰিকেটেড অস্থায়ী ক'ভিড হাস্পতাল।তিনিশ কোটি ব্যয়ৰ পৰিকল্পনা স্থগিত। অসমলৈ কেন্দ্ৰৰ ১,৪৪১.৪৮ কোটি টকা মুকলি।



  • ০ বিত্ত মন্ত্ৰী হিমন্তবিশ্বৰ অসহায় স্বীকাৰোক্তি। ৰাজ্যত বিত্তীয় সঙ্কট:জুন মাহৰপৰা কৰ্মচাৰীৰ দৰমহা অনিশ্চিত।২৫ এপ্ৰিলৰ পিছত বিত্তীয় সঙস্কাৰ ঘোষণা কৰিব চৰকাৰে।



  • ০ চৰকাৰী নিৰ্দেশ উলঙ্ঘা চাহ বাগিচা কৰ্তৃপক্ষৰ। শ্ৰমিকক দিয়া নাই ৰেচন, পাৰিশ্ৰমিক। কৰ্মচাৰীৰো দৰমহাৰ ৩০ শতাংশ কৰ্তন। কাকজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি,কলঘৰ ঘেৰাও ক্ষুব্ধ বনুৱাৰ।



  • ০ লকডাউনৰ ক্ষেত্ৰত ৰাজ্যই নিজাকৈ ঘোষণা কৰিব নোৱাৰিব শিথিলতা। কেন্দ্ৰই ঘোষণা কৰা শিথিলতাহে সকলোতে প্ৰযোজ্য হ’ব।



  • ০ স্বাস্থ্য মন্ত্ৰালয়ৰ বিজ্ঞপ্তি,প্ৰেছক্ৰিপচন নোহোৱাকৈ বিক্ৰী কৰিব নোৱাৰিব হাইড্ৰ'ক্সিক্ল'ৰ'কুইন। বিঘ্নিত কৰিব পাৰে হৃদপিণ্ডৰ ছন্দ,বঢ়াব পাৰে ক্ৰনিক অসুখ।



  • ০ আমেৰিকাত মৃত্যুৰ সঙ্খা৪০,৬২০ লৈ বৃদ্ধি। মৃত্যুপুৰী নিউয়ৰ্ক,নিস্তব্ধ মাছাচুছেটছ,নিমাওমাও চিকাগো। বিশ্বত আক্ৰান্ত ২৪,২৮,৩৩২ লৈ বাঢ়িল, মৃত্যু ১,৬৬,১৩০ ।



  • ০ প্ৰতিৰোধী যন্ত্ৰ আৱিষ্কাৰ কৰিDRDO ৰ দাবী, অতি বেঙুনীয়া ৰশ্মিয়ে ধ্বংস কৰিব পাৰে কৰোণা ভাইৰাছ।



  • ০ চীনৰ কাৰ্যত ক্ষুব্ধ আমেৰিকান বৈদেশিক সচিব মাইক পম্পেইৰ হুঙ্কাৰ।কৰোণা ভাইৰাছ সঙ্কমণৰ বিশ্ব জোৰা তদন্ত আৰম্ভ হৈছে।উহানৰ বিতৰ্কিত জৈৱিক পৰীক্ষাগাৰত ১৫০০ ৰো অধিক অণুজীৱ সঙৰক্ষিত হৈ আছে।



  • ০ দিল্লীৰ নতুন প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ বিৰোধিতা প্ৰতিবেশী ৰাষ্ট্ৰৰ। ভাৰতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সুযোগ সন্ধানী চীন। গা



  • ০ প্ৰশস্ত হ’ল কিঙফিচাৰ স্বত্বাধিকাৰীৰ প্ৰত্যাৰ্পন। বৃটেইনৰ হাইক'ৰ্টত নাকচ ভাৰতৰ পলাতক অপৰাধী বিজয় মালিয়াৰ আবেদন।


Post a Comment

Previous Post Next Post