বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান


  •  -হে বিশ্বাসী সকল,এনে কথা নুসুধিবা যিবোৰ ব্যক্ত কৰিলে লে তেওঁলোকৰ অপকাৰ ; কিন্তু তোমালোকে যদি সেইবোৰ কথা কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত সোধা তেনেহলে সেয়া তোমালোকৰ প্ৰতি ব্যক্ত কৰা অতীতত যি কৰিলা সেয়া আল্লাহে ক্ষমা কৰি দিলে আল্লাহ ক্ষমাশীল;সহনশীল(মায়িদা:১০১)
  •  -হে বিশ্বাসী সকল,তোমালোকে নিজৰ বাবে সাৱধান বা তোমালোকে নিজে সৎপথত থাকিলে পথভ্ৰষ্ট মানুহবিলাকে তোমালোকৰ ক্ষতি কৰিব নোৱাৰে আল্লাহৰ পিনেই তোমালোক সকলোৱে ঘূৰি যাব লাগিব তাৰ পিছত তেওঁ তোমালোকক জনাই দিব তোমালোকে পৃথিৱীত কি কৰিছিলা।  (মায়িদা:১০৫)
  •  -হে বিশ্বাসী সকল, যেতিয়া তোমালোকৰ কাৰোবাৰ মৃত্যুৰ সময় উপস্থিত হয় আৰু অছিয়ত কৰিব খোজা, তেতিয়া তোমালোকৰ পৰা দুজন ন্যায়পৰায়ণ ব্যক্তিক সাক্ষী ৰাখিবা।যদি তোমালোকে প্ৰবাসত থাকোঁতে মৃত্যুৰ বিপদ আসন্ন হয়, তেতিয়া তোমালোকৰ বাহিৰে আন মানুহৰ পৰা দুজনক সাক্ষী হিচাপে মনোনীত কৰিবা ইয়াৰ পিছতো যদি তোমালোকৰ কিবা সন্দেহ হয়, সিহঁত দুজনক নামাজৰ পিছত (মছজিদত)ৰখাই থবা আৰু উভয়ে আল্লাহৰ নামত শপত খাই -আমি কোনো (ব্যক্তিগত স্বাৰ্থৰ) বিনিময়ত সাক্ষ্য বিক্ৰী নকৰোঁ, তেওঁ আমাৰ কোনো আত্মীয়ই নহওঁক লাগে আৰু আল্লাহৰ নামত শপত খাই দিয়া সাক্ষ্য গোপন নকৰো আমি যদি তেনে কৰো নিশ্চয় পাপীষ্ঠ বুলি পৰিগণিত হয়। (মায়িদা:১০৬)

Post a Comment

Previous Post Next Post