মাতৃ ৰূপেন,যুগে যুগে...



এক গৌৰৱোজ্জল ঐতিহ্য বহন কৰা আমাৰ এই প্ৰিয় জন্মভূমি ভাৰতবৰ্ষ।মানৱৰ প্ৰথম আগমন যিভূখন্ডত হৈছিল,সেই ভূখণ্ডই মানৱতাৰ জয়গানেৰে বিশ্ববিবেকক যুগে যুগে আদৰ্শৰ বাণী শুনাইছে। ইয়াৰ গৌৰৱময় শৌৰ্যগাথায় যুগে যুগে পৃথিৱীৰ বিভিন্ন পৰাক্ৰমী জাতি গোষ্ঠী এই ভূখণ্ডলৈ ঢাপলি মেলিছে। এই দেশৰ বিনন্দিয়া প্ৰকৃতিৰ মোহময়ী ৰূপত, ইয়াৰ মানুহৰ'বাসুদেবায় কুটুম্বকম' আদৰ্শত নিজক বিলাই দিছে এই দেশৰ বিশাল বুকুত। বিচিত্ৰতাৰ মাজত ঐক্যৰ এক মহামন্ত্ৰেৰে উদ্ধুদ্ধ হৈ সকলোয়ে একেলগে মিলি কপালৰ ঘাম মাটিত পেলাই দেশ গঢ়িছে আৰু বুকুৰ তেজেৰে ৰক্ষা কৰিছে এই দেশৰ স্বতন্ত্ৰতা-অখন্ডতা। মানুহক এই দেশত দেৱতাৰ ৰূপত পূজা কৰা হয়।'সবাৰ ওপৰে মানৱ শ্ৰেষ্ঠ' এই দেশৰ শ্বাসত বাণী। 'মানুহেই দেৱ, মানুহেই সেৱ' যি দেশৰ ঐতিহ্য,সেই দেশৰ মাটি আজি মানুহে অকাৰণে হত্যা কৰা মানুহৰ তেজেৰে বিভৎস ৰূপ ধাৰণ কৰিছে। মানুহক হত্যা কৰাৰ কাৰণে, মানুহক অমানৱীয় অত্যাচাৰৰ কাৰণে চেলু হিচাপে গ্ৰহণ কৰা হৈছে ধৰ্মক।যি ধৰ্মই মানুহক প্ৰেম-ভাতৃত্বৰ সঙ্ঘা শিকাবলগীয়া আছিল, শান্তি- কল্যাণৰ বাৰ্তা বহন কৰিবলগীয়া আছিল।সেই ধৰ্মৰ নামত মানুহে মানুহৰ তেজেৰে ফাকু খেলিছে। আটাইতকৈ নিষ্ঠুৰ সত্য এইটোৱে যে শাসক গোষ্ঠী আজি ৰাজধৰ্ম পালন কৰাৰ সলনি অত্যাচাৰীৰ পক্ষত কাম কৰিছে।আকৌ বহু ক্ষেত্ৰত অত্যাচাৰী গোষ্ঠী শাসক পক্ষৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মদদপুষ্ঠ হৈ অত্যাচাৰ ক্ৰিয়া চলাই গৈছে। কেতিয়াবা আকৌ শাসক গোষ্ঠী নিজেই ৰাজধৰ্ম জলাঞ্জলী দি,নিৰীহ জনতাক নিষ্পেষণ চলাইছে। ধৰ্মৰ ৰাগীত উদ্ভাউল কৰি তুলিছে সাধাৰণ মানুহক। মানুহে মানুহৰ আচল সমস্যা সমূহ পাহৰি ধৰ্মৰ নামত য'ত সব অধৰ্মহে কৰি ফুৰিছে। এই মূল সমস্যাৰ কথা যিয়ে কৈছে তাকেই দেশদ্ৰোহী সজোৱা হৈছে। বিচাৰ বিহীন বাবে দিনৰ পিছত দিন পেলাই থোৱা হৈছে এন্ধাৰ পোতাশালত। শেষলৈ যুগে যুগে বিভিন্ন ৰূপত মাতৃক পূজা কৰাৰ পৰম্পৰা থকা দেশৰ শাসক গোষ্ঠীয়ে মাতৃকেই তেওঁলোকৰ নিষ্ঠুৰতাৰ লক্ষ্য কৰি লৈছে।যি দেশত নাৰীক বিভিন্ন ৰূপত পূজা কৰা হয়,সেই দেশৰ শাসক গোষ্ঠীয়ে সন্তানসম্ভবা মাতৃক তিহাৰ জেলত বন্দী কৰি থোৱাৰ দৃষ্টান্ত গঢ়িছে।ৰামৰাজ্যৰ সপোন দেখা শাসক গোষ্ঠীয়ে পাহৰি গ'ল নেকি ভগৱান ৰামচন্দ্ৰৰ লঙ্কা বিজয়ৰ প্ৰাক্ কথা। লঙ্কা বিজয়ৰ প্ৰাকক্ষণত ভগৱান ৰামচন্দ্ৰই দুৰ্জেয় শক্তি কামনাৰে অবতৰীয়া মাতৃ পূজা'অকাল বোধন' ৰ আয়োজন কৰিছিল। দেৱী তুষ্টিৰে ৰামচন্দ্ৰই ৰাক্ষস নিধনৰ কথা আজিৰ শাসক গোষ্ঠীয়ে পাহৰি গ'লে নচলিব।শ্বাহিনবাগৰ ছাফুৰা জাৰ্গাৰ কোনো বিচ্ছিন্ন নাৰীৰ নাম নহয়। ভাৰতীয় ঐতিহ্যৰ ধ্বজাবাহী ছাফুৰা জাৰ্গাৰ এটি অদম্য নাৰী শক্তিৰ প্ৰতীক। ভাৰতীয় নাৰী শক্তিক ৰণচণ্ডীৰ ৰূপত জগাই নুতুলিব।অৱলা ভাৱি জুইত হাত নিদিব। হাত আতঁৰাই আনক। অন্যথায় অত্যাচাৰী দানৱ বিনাশ কৰাৰ কাৰণে আদ্যাশক্তি জাগি উঠিব নাৰী ৰূপে।সেই নাৰী শক্তিৰ নৱৰূপা শ্বাহিন বাগৰ ছাফুৰা জাৰ্গাৰ তুমি অমৰ হোৱা,নাৰী ৰূপেন যুগে যুগে..

Post a Comment

Previous Post Next Post