২০১৪ চনৰ কথা। উচ্চমাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত অইন বছৰৰ দৰেই হাউলীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। প্ৰায় প্ৰতিটো অনুষ্ঠানতে বিশিষ্ট অথচ অতি সহজলভ্য অতিথি আছিল অতি শ্ৰদ্ধাৰ ভুপেন দাস ডাঙৰীয়া। প্ৰথম অনুষ্ঠান অনুষ্ঠিত হৈছিল হাউলী হাই স্কুলত, দ্বিতীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল হাউলী আছুৰ সৌজন্যত চন্ডী বৰুৱা প্ৰেক্ষাগৃহত, তৃতীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল হাউলী সব্জী বজাৰত,বাপ- বান্ধৱ সঙগৰ সৌজন্যত। প্ৰতিটো অনুষ্ঠানতে স্বৰ্গীয় দাস দেৱে এটা গুৰুত্বসহকাৰে দোহাৰছিল।কথাটো আছিল, আমি কৃতিমান সকলক সম্বৰ্দ্ধনা জনাইছো, উৎসাহিত কৰিছোঁ বহুত ভাল কথা। আমি আমাৰ সামাজিক দায়িত্ব পালন কৰিছোঁ। কিন্তু এই পৰীক্ষাত অকৃতকাৰ্য হোৱা ছাত্ৰ- ছাত্ৰীসকল যিসকল আমালোকৰে ল'ৰা-ছোৱালী আৰু আমাৰ সমাজৰ এক উল্লেখযোগ্য সঙ্খা তেওঁলোকৰ। তেওঁলোকৰ কাৰণে আমি সমাজে কি কৰিছোঁ। এওঁলোকক যদি আমি সমাজৰ আৱৰ্জনা ভাবি একাষৰীয়া কৰি থও, তেন্তে এই আৱৰ্জনাসমূহেই এদিনাখন গোটেই সমাজটোকে আৱৰ্জনাময় কৰি পেলাব। অথচ এই সকলৰ বহুতেই সমাজৰ কল্যাণ সাধিব পৰা প্ৰতিভা বহন কৰে। সকলো খিনিয়েই নিশ্চিত ভাৱে সমাজজীৱনৰ একো একোজন সুস্থ নাগৰিক হিচাপে সুস্থ সমাজ গঠনত যোগাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে। এদিন এদিনকৈ একেলেথাৰিয়ে তিনিদিন শুনাৰ পিছত কথাখিনিয়ে মোক ভৱাই তুলে। সেয়ে বাপ-বান্ধৱ সঙ্ঘৰ অনুষ্ঠানত ভুপেন দাস দেৱৰ বক্তৃতাৰ পিচতেই মই কথা ক'বলৈ থিয় হও আৰু তেখেতৰ কথাৰ আত ধৰি হাউলী অঞ্চলৰ অকৃতকাৰ্য ছাত্ৰ- ছাত্ৰীক সমাজৰ যোগাত্মক শক্তি হিচাপে গঢ়ি তোলাৰ মহান অভিযানত তেখেতৰ নেতৃত্ব কামনা কৰো। তেখেতে সেই দায়িত্ব মোলৈ অতি আন্তৰিকতাৰে ঠেলি দিয়ে।পিছত সিদ্ধান্ত হয় যে আমি সুস্থ পৰিকল্পনা প্ৰস্তুত কৰাৰ কাৰণে হাউলী হাইস্কুল বা HOMA ত বহিম আৰু এই ক্ষেত্ৰত ইতিবাচক পন্থা লম। কিন্তু এই আলোচনায়স ৰূপ নাপালে। পৰৱৰ্তী সময়ত আমি কিছু পৰিমাণে আতৰি আহিবলগীয়া হ'ল। তেখেতৰ দিক্ -নিৰ্ণয়ক এক সঠিক চিন্তাই পোখা মেলিবলৈকে সুযোগ নাপালে। কথাটোৱে মোক বহু সময়ত পীড়া দিয়ে। এই পীড়াক অধিক সুদৃঢ় কৰি আৰু এই বিশেষ দায়িত্ব আমালোকলৈকে ঠেলি থৈ ভাইটিদা পৰপাৰলৈ গলগৈ। ওপৰত উল্লেখ কৰা অনুষ্ঠান সমূহত হাউলীৰ বহু কেইগৰাকী চিন্তাশীল নাগৰিক উপস্থিত আছিল। তেখেতসকলে কথাটো নকৈ চিন্তা কৰি ইতিবাচক কাৰ্যসূচী প্ৰস্তুত কৰিলে স্বৰ্গীয় দাস দেৱক সঠিক মূল্যায়ন কৰা হ'ব আৰু স্বৰ্গীয় আত্মালৈ সুগভীৰ শ্ৰদ্ধা নিবেদন কৰা হ'ব মোৰ মনে কয়।এই ছেগতে মই হাউলী ৰাস মহোৎসৱ সমিতি আদি কৰি হাউলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানক কথাটো সম্পৰ্কে চিন্তা-চৰ্চা কৰিবলৈ অনুৰোধ জনালোঁ।
*****
*****
Tags:
Article
