: বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান:


হে বিশ্বাসী সকল, যেতিয়া মুমিন নাৰীসকল হিজৰত কৰি তোমালোকৰ ওচৰলৈ আহে তেতিয়া সিহতৰ (ঈমান সম্বন্ধে) বাচ- বিচাৰ কৰি ল'বা। সিহঁতৰ ঈমান - ৰ প্ৰকৃত স্বৰূপ আল্লাহে ভালকৈ জানে। তোমালোকে যদি নিশ্চিত ভাৱে জানিব পৰা যে সিহঁত বিশ্বাসস্থা-
পনকাৰী তেনেহলে সিহতক অবিশ্বাসকাৰীবিলাকৰ ওচৰলৈ উভতাই নপঠাবা। সিহঁত অবিশ্বাসকাৰীবিলা-  বাবে বৈধ নহয় আৰু অবিশ্বাসকাৰী পুৰুষ বিলাকো সিহতৰ বাবে বৈধ নহয়। সিহঁতৰ অবিশ্বাসকাৰী স্বামী-
বিলাকে যি গা-ধন দিছিল সেয়া সিহতক ঘূৰাই দিবা। তোমালোকে গা- ধন দি সিহতক বিয়া কৰালে তোমা-লোকৰ কোনো কোনো দোষ নহয় আৰু তোমালোকে নিজেও অবিশ্বাসকাৰিণী নাৰীবিলাকক বিবাহ বন্ধনেৰে আবদ্ধ কৰি নাৰাখিবা। তোমালোকে সিহতক যি গা- ধন দিছিলা সেয়া তোমালোকে ঘূৰাই বিচাৰা আৰু অবিশ্বাস -কাৰীবিলাকেও সিহতৰ বিশ্বাসকাৰিণী স্ৰীসকলক যি গা- ধন দিছিল সেয়া সিহতেও ঘূৰাই বিচাৰক। এয়া আল্লাহৰ বিধান। তেৱেঁই তোমালোকৰ মাজত সকলো কথাৰ মীমাংসা কৰি দিয়ে। আল্লাহ মহাজ্ঞানী,পৰম- বিজ্ঞানময়।-মুমতাহিনা:১০ ।
হে বিশ্বাসী সকল, তোমালোকে সেইবিলাক মানুহক মিত্ৰ কৰি নলবা, যিবিলাকৰ ওপৰত আল্লাহৰ অভিশাপ পৰিছে।কবৰত সমাধিস্থ অবিশ্বাসকাৰীবিলাক নিৰাশ হোৱাৰ দৰে সিহতো পৰকাল সম্পৰ্কে নিৰাশ হৈছে।
 -মুমতাহিনা:১৩ ।
                                      ***

  

Post a Comment

Previous Post Next Post