০ প্ৰত্যেক মুছলমানৰ কাৰণে অইন মুছলমানৰ তেজ,সম্পদ আৰু ইজ্জত সন্মানযোগ্য।-মুছলিম।
০ তেৱেঁই মুহাজিৰ, যিজনে আল্লাহে নিষেধ কৰা কাম পৰিত্যাগ কৰে।-বুখাৰী।
০ যিজনে খোৱাৰ পাছত কৃতজ্ঞতা প্ৰকাশ কৰে, তেওঁ ধৈৰ্যশীল ৰোজাদাৰৰ সমতূল্য।-তিৰমিজী।
০ ধৈৰ্য ধাৰণ জ্যোতি সদৃশ।-মুছলিম।
০ কাৰোবাক প্ৰতাৰণা কৰা জন মোৰ দলভুক্ত নহয়।-মুছলিম।
০ সাৱধান! তোমালোকে হিঙসা কৰাৰ পৰা আত্ম ৰক্ষা কৰা।-আবু দাউদ।
০ তোমালোকে এজনে অইনজনক হিঙসা নকৰিবা, ঘৃণা-দ্বেষ পোষণ নকৰিবা আৰু পৰস্পৰৰ পৰা মুখ আতৰাই নলবা।-মুছলিম।
০ শিশুসকল আল্লাহৰ ফুল।-তিৰমিজী।
০ তোমালোকৰ মাজত তেৱেঁই উত্তম, যিজনে তাৰ পৰিবাৰ পৰিজনৰ ওপৰত উত্তম।-বুখাৰী।
০ ৰোগীৰ সেৱা কৰা আৰু ভোকাতুৰক খাবলৈ দিয়া। -বুখাৰী।
***
Tags:
Hadith
