লকডাউনেই একমাত্ৰ সমাধান নেকি?

একৈশ শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভণিতে বিশ্বক দিকভ্ৰান্ত কৰি তুলিছে কৰোণা মহামাৰীয়ে।উন্নয়ণশীল তথা অনুন্নত দেশসমূহক সদাশঙ্কিত কৰি ৰখা মহা শ-
 ক্তিধৰ আমেৰিকা আজি দিকভ্ৰান্ত-ত্ৰস্ত। চকুৰে মনিব নোৱাৰা এক ভাইৰাছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চৰম অৱস্থাত আৰোহণ কৰা পৃথিৱীক নি:সহায় কৰি পেলাইছে। নিৰ্মূল তথা প্ৰতিৰোধৰ কোনো উপায় বিচাৰি নোপোৱা বিশ্বৰ সমূখত যেন মাত্ৰ এটাই পথ খোলা আছে, সেয়া হৈছে লকডাউন। চাওঁতে চাওঁতে ভাৰতবৰ্ষতো লকডাউনে চল্লিশ দিন অতিক্ৰম কৰিলে।কৰোণা মহামাৰীয়ে কিমান মানুহৰ প্ৰাণহানি কৰিলে তাৰ হিচাপ আমি প্ৰতি ক্ষণে পাই আছোঁ। বিভিন্ন মাধ্য-মৰ জৰিয়তে হতাহতৰ বতৰা জনাৰ ব্যৱস্থা কৰা হৈছে। জনগণক সতৰ্ক তথা সচেতন কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে। লকডাউন কাৰ্যকৰী কৰাৰ কাৰণে গোটেই প্ৰসাশন যন্ত্ৰ মাৰ বান্ধি পথাৰত নামিছে। লকডাউন সঠিকভাৱে কাৰ্যকৰী হওক ই সকলো সচেতন জনৰে কামনা। কিন্তু এই লকডাউনৰ কাৰণে আজিলৈ কিমানজন নাগৰিকৰ প্ৰাণ গ'ল তাৰ হিচাপ কোনোবাৰ তাত আছে জানো? কিমান আহুকাল আহিল সাধাৰণ নাগৰিকলৈ কোনোবাই সঠিককৈ ক'ব পাৰিবনে? ভাইৰাছ আক্ৰান্তক হাস্পতালৰ পৰা বিদায় দিয়াৰ কাৰণে লাখ লাখ টকা খৰচ কৰা চৰকাৰে দেৰমাহ সময় ভোকে পিয়াহে দেশৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা সাধাৰণ জনগণৰ ৰেল ভাড়াৰ ব্যৱস্থা কৰিবলৈ অপাৰগ হৈ পৰিছে।এই চৰকাৰে দেশৰ অৰ্থনীতিক কোনটো খালত নি পেলাবগৈ সেয়া সময়ে ক'ব।নাকলৈযে ডুবিব সেয়া ধূৰুপ।তেনেক্ষেত্ৰত লকডাউনৰ বিকল্প চিন্তা কৰিব পৰা নাযায় নে?ভোকৰ তাড়নাত শাক-পাচলি বিকা জনলৈ টিকাফটা কোব। আকৌ লকডাউনক ধোৱা চাঙত তোলা মদাহী সকললৈ যেন জোঁৱাই সাদৰ। লকডাউনে ইতিমধ্যেই হাজাৰ হাজাৰ পৰিয়াললৈ আৰ্থিক সঙ্কট নমাই আনিছে।আত্মহননৰ সঠিক হিচাপ নাই। বিভিন্ন ঠাইত  ৰাজপথত লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। মিছিগানত গভৰ্ণৰ হাউচত অস্ৰসহ প্ৰৱেশ কৰা নাগৰিকে লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে কিছুমান দেশে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে, বিকল্প চিন্তা চৰ্চা আৰম্ভ কৰিছে।সঙ্কটজনক পৰিস্থিতি থকাৰ পিছতো স্পেইনৰ নিচিনা দেশত লকডাউন তুলি দি কৰোণাৰ সৈতে সহঅৱস্থানৰ দিহা দিয়া হৈছে। আমিও বিকল্পৰ সন্ধান বা পৰিৱেশ- পৰিস্থিতিৰ লগত সতৰ্কতাৰে সহঅৱস্থানৰ চিন্তা কৰিব নোৱাৰি নে? বিশেষকৈ শিক্ষা খন্ডৰ কথা চিন্তা -চৰ্চাত আনিব পাৰি।এক তৃতীয়াংশ বা আধাসঙ্খক  কৰ্মীৰ উপস্থিতিৰে উদ্দোগিক কাৰ্য যদি আৰম্ভ কৰা যায়,এক তৃতীয়াংশ বা আধা সঙ্খক ছাত্ৰ- ছাত্ৰীৰ উপস্থিতিৰে বিদ্যালয়ত পাঠদান কাৰ্য চলাব পৰা নাযায় নে? এটা কথা স্মৰ্তব্য যে আজিৰ পৃথিৱীক আশাৰ বাট দেখুওৱা কিউবাই আমেৰিকাৰ লগত দীৰ্ঘস্থায়ী মৰণপণ যুদ্ধৰ সময়তো এদিনলৈও স্কুল-কলেজৰ পাঠদান কাৰ্য ব্যাহত হ'ব দিয়া নাছিল। মাটিৰ তলত সুৰঙ্গ খান্দি পাঠদান কাৰ্য অব্যাহত ৰাখিছিল। সেয়ে আজিৰ এই সঙ্কটজনক পৰিস্থিতিত গোটেই পৃথিৱী ত্ৰাসিত আৰু কিউবায় প্ৰতিষ্ঠা কৰিছে নতুন আদৰ্শ।

 লেখক- আব্দুল আজিজ।

Post a Comment

Previous Post Next Post