বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান-৬

  •   হে বিশ্বাসী সকল, আল্লাহক বেছিকৈ স্মৰণ কৰা;
  পূৱা-গধূলি তেওঁক স্তুতি কৰা। তেৱেঁই তোমালোকৰ
  ওপৰত কৰুণা বৰ্ষণ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে
  তোমালোকৰ বাবে কৰুণা প্ৰাৰ্থনা কৰে যাতে তেওঁ
  তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনে। তেওঁ
  মুমিনসকলৰ প্ৰতি কৰুণাময়।- আহযাব:৪১,৪২,৪৩ ।
  •  হে বিশ্বাসী সকল,তোমালোকে মুমিন তিৰোতাক বিবাহ 
কৰি সিহঁতক স্পৰ্শ আগেয়ে তালাক দিলে
  তোমালোকৰ তৰফৰ পৰা সিহতে গণনা কৰি ইদ্দত
  পালন কৰাৰ আৱশ্যক নহয় আৰু সেয়া পূৰ্ণ কৰিবলৈ
  সিহতক দাবীও কৰিব নোৱাৰা। গতিকে তোমালোকে
  সিহতক কিছু সম্পদ দিবা আৰু সৌজন্যমূলকভাৱে
  বিদায় দিবা।- আহযাব:৪৯ ।






shamodol

Post a Comment

Previous Post Next Post