নবীৰ বাণী জানো আহক।

০সততাই মনত প্ৰশান্তি দান কৰে আৰু মিথ্যাচাৰীতাই
   মনত শঙ্কাৰ সৃষ্টি কৰে।- তিৰমিজী।
০ মনৰ প্ৰফুল্লতা আল্লাহৰ এটি অনুগ্ৰহ।- মিশকাত।
০ যাৰ দুটা দিন সমান গ'ল তেওঁ ক্ষতিগ্ৰস্ত হ'ল।
   - দাইলমী।
০ তোমালোকৰ মাজত তেওঁলোকেই ভাল মানুহ,      যিসকলক দেখিলে আল্লাহৰ কথা মনত পৰে।
-ইবনে মাজা।
০ সোফালৰ পৰা খোৱা আৰু যিটো ওচৰত তাৰে পৰা খোৱা।- বুখাৰী।
০ যিজনে আল্লাহ আৰু পৰকালৰ প্ৰতি বিশ্বাস ৰাখে তেওঁ যাতে নিজৰ মেহমানক সন্মান আৰু যত্ন কৰে।--
 বুখাৰী ।
০ প্ৰতিটো ভাল কামেই এটা এটা দান সদৃশ।- বুখাৰী।
০ তেৱেঁই উত্তম লোক,যাৰ বয়স হয় দীৰ্ঘ আৰু কৰ্ম হয় সুন্দৰ।-তিৰমিজী।
০ তেৱেঁই মোছলমান যাৰ অনিষ্টকৰ কথা আৰু কামৰ পৰা অইন মোছলমান নিৰাপদ থাকে।- বুখাৰী।
০ মোছলমানক গালি দিয়া ফাচেকী আৰু হত্যা কৰা কুফুৰী।-বুখাৰী।

Post a Comment

Previous Post Next Post