হে বিশ্বাসী সকল, আল্লাহক ভয় কৰা আৰু.......
তেৱেঁই আল্লাহ। তেওঁৰ বাহিৰে আন কোনো উপাস্য
নাই। গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে। তেওঁ দয়াময়,পৰম দয়ালু। তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই। তেৱেঁই ৰাজাধিৰাজ, পৱিত্ৰতম, শান্তিৰ উৎস, নিৰাপত্তা দাতা, ৰক্ষণাবেক্ষণ দিওতা; তেৱেঁই পৰাক্ৰমশালী, নিজৰ নিৰ্দেশ পালন কৰোৱাৰ ক্ষমতাৰ অধিকাৰী। তেৱেঁই পৰম গৌৰৱান্বিত ।মানুহে যিবোৰ তেওঁৰ প্ৰতি আৰোপ কৰে,সেই অঙ্শীবাদৰ পৰা আল্লাহ পৱিত্ৰ, মহান। তেৱেঁই আল্লাহ, যিজন সৃষ্টি পৰিকল্পনা ৰচনাকাৰী, তাৰ বাস্তৱায়নকাৰী আৰু আনুপাতিক ভাবে আকাৰ আকৃতি দান কাৰী। সৰ্বোত্তম নাম সমূহ তেওঁৰেই।আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা কীৰ্তন কৰে। তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
- হাছৰ:২২,২৩,২৪ ।
Tags:
Quran
