আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ সম্পৰ্কীয় আলোচনা কৰিবলগীয়া আছিল। লগতে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনোৱাই যুগুত আছিল। কিন্তু অগতানুগতিক বাবে মই বিশ্ব চাইকেল দিৱসৰ শুভেচ্ছা জনাইছোঁ। অৱশ্যে যোৱাকালি বিশ্ব চাইকেল দিৱস আছিল আৰু এই সম্পৰ্কীয় চৰকাৰী শুভেচ্ছা বাণীও কাকতত প্ৰকাশ পাইছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় এইটোৱে যে-আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনোৱা চৰকাৰে যোৱা কালিও চাইকেল দিৱসৰ শুভেচ্ছা জনাইছিল আৰু অতিকৈ দুৰ্ভাগ্যৰ বিষয় যোৱা কালিৰ দিনটোত প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত অভিযানক ভেঙুচালি কৰি অৰ্থ সঙ্কটত বন্ধ হৈ গ'ল ভাৰতৰ প্ৰখ্যাত বাইচাইকেল কোম্পানী'এটলাছ'। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৭০০ জন লোক নিয়োজিত হৈ থকা কোম্পানীটো বন্ধ হৈ যোৱাৰ লগে লগে আটাইকেইজন ব্যক্তিৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। আত্ম নিৰ্ভৰশীল ভাৰত অভিযানৰ ঢাক-ঢোল বজোৱা চৰকাৰে আত্ম নিৰ্ভৰশীল হোৱাৰ কাৰণে প্ৰচেষ্টাৰত স্বদেশী কোম্পানী এটাক জীয়াই ৰখাৰ স্বাৰ্থত একো কৰিব নোৱাৰিলে বা নকৰিলে আৰু আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনোৱা চৰকাৰৰ পৰিৱেশ সঙৰক্ষণৰ কাৰণে কি কৰি আছে কোনোবাই নেদেখাকৈ আছেনে বাৰু? আজি চৰকাৰী ঢাক-ঢোল চৰকাৰী পৃষ্ঠপোষকতাত পৰিৱেশ বিনষ্ট কৰাৰ দুষ্কৰ্মক ঢাকি ৰখাৰ এক অপপ্ৰয়াসহে। সেয়েহে আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোত, প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানৰ অঙ্শ হিচাপে স্বদেশী চাইকেল কোম্পানী এটা বন্ধ হৈ যোৱা চাই হাহি হাহি চাইকেল দিৱসৰ শুভেচ্ছা জনোৱা চৰকাৰৰ আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছাৰ বিপৰীতে বিশ্বগুৰু হোৱাৰ আত্মতৃপ্তিত ভোলগৈ থকা কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰতিজন হিন্দু-মুছলিম-বুদ্ধ- ইছায়ী আদি কৰি সকলো ধৰ্ম- বৰ্ণ- গোষ্ঠীৰ মানুহক মই পৃথকে পৃথকে বিশ্ব চাইকেল দিৱসৰ শুভেচ্ছা জনাইছোঁ। *** *** ***
বিশ্ব চাইকেল দিৱসৰ শুভেচ্ছা।