হে বিশ্বাসী সকল, তোমালোকৰ ধন সম্পদ আৰু সন্তান-সন্ততিয়ে যেন তোমালোকক আল্লাহৰ স্মৰণৰ প্ৰতি অমনযোগী নকৰে। যিবিলাকে এনে আচৰণ কৰে সিহতেই ক্ষতিগ্ৰস্ত হয়।আমি তোমালোকক জীৱন ধাৰণৰ যি উপকৰণ দান কৰিছোঁ মৃত্যু অহাৰ আগতে তাৰ পৰা (সৎকামত) ব্যয় কৰা যাতে (কোনোবা মৃত্যু মুখত পৰিলে) সি ক'বলগীয়া নহয়-' হে মোৰ প্ৰভূ, তুমি কিয় মোক আৰু অলপ সময় অৱকাশ নিদিলা; ( দিয়া হেতেন) মই দান খয়ৰাত কৰিলোহেতেন আৰু সৎকৰ্মী- সকলৰ অন্তৰ্ভুক্ত হলোহেতেন। কিন্তু যেতিয়া কাৰোবাক কৰ্মৰ সময়কাল পূৰ্ণ হৈ যায় তেতিয়া আল্লাহে তাক কেতিয়াও অলপো অৱকাশ নিদিয়ে। তোমালোকে যি কৰা সেয়া সকলো আল্লাহে ভালকৈ জানে।- মুনাফিকুন
:৯,১০,১১ ।
হে বিশ্বাসী সকল, তোমালোকৰ স্ত্ৰী আৰু সন্তানসকলৰ মাজতে তোমালোকৰ শত্ৰু আছে। সিহঁতৰ পৰা সাৱধান থাকিবা। তোমালোকে যদি সিহতক মাৰ্জনা কৰা, সিহতৰ প্ৰতি উদাৰ হোৱা আৰু সিহতক ক্ষমা কৰা তেনেহলে ( জানি থোৱা) আল্লাহ অৱশ্যেই অতি ক্ষমাশীল, পৰম দয়ালু। তোমালোকৰ ধন সম্পদ আৰু তোমালোকৰ সন্তান সন্ততি এটা পৰীক্ষা মাথোন আৰু আল্লাহ এনে সত্বা যাৰ ওচৰত মহান পুৰস্কাৰ আছে। গতিকে তোমালোকে আল্লাহক ভয় কৰা, তেওঁৰ (উপদেশ)শুনা, তেওঁৰ আনুগত্য কৰা আৰু নিজৰ ধন সম্পদ ( সৎকামত) ব্যয় কৰা। এয়া তোমালোকৰ কাৰণে মঙ্গলজনক।যি মানুহে মনৰ সঙ্কীৰ্ণতাৰ পৰা ৰক্ষা পালে তেওঁলোকহে সফল। তোমালোকে যদি আল্লাহক উত্তম ঋণ দিয়া তেনেহলে তেওঁ তোমালোকক সেয়া বহু গুণ বৃদ্ধি কৰি দিব আৰু তোমালোকৰ দোষ ক্ৰুটি সমূহ মাৰ্জনা কৰিব। আল্লাহ গুণগ্ৰাহী, সহনশীল।
- তাগাবুন:১৪,১৫,১৬,১৭ ।
হে বিশ্বাসী সকল,তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক সেই জাহান্নামৰ পৰা বচোৱা,যি জাহান্নামৰ ইন্ধন হ'ব মানুহ আৰু শিল।তাত নিয়োজিত থাকিব অতি কঠোৰ আৰু ৰূঢ় ফিৰিস্তা। তেওঁলোকে কদাপিও আল্লাহৰ আদেশ অমান্য নকৰে। তেওঁলোকক যি আদেশ দিয়া হয়,সেয়াই তেওঁলোকে পালন কৰে।- তাহৰীম:৬ ।
হে বিশ্বাসী সকল, তোমালোকে অনুতাপ কৰি বিশুদ্ধ চিত্তে আন্তৰিকতাৰে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। সম্ভৱতঃ তোমালোকৰ প্ৰভূৱে তোমালোকৰ দোষ ক্ৰুটি সমূহ মাৰ্জনা তোমালোকৰ পৰা দূৰ কৰি দিব আৰু তোমালোকক এনে জান্নাতত প্ৰৱেশ কৰাব য'ত নিজৰাসমূহ প্ৰবাহিত হৈ থাকে। সেইদিনা আল্লাহে তেওঁৰ নবী আৰু তেওঁৰ প্ৰতি বিশ্বাস স্থাপন কৰা লোকসকলক লাজত নেপেলাব। তেওঁলোকৰ জ্যোতি তেওঁলোকৰ সন্মুখ আৰু সোফালে ধাবিত হৈ থাকিব আৰু তেওঁলোকে কৈ থাকিব-' হে আমাৰ প্ৰভূ, আমাৰ জ্যোতি আমাৰ বাবে পূৰ্ণ কৰি দিয়া আৰু আমাক ক্ষমা কৰা। তুমি সৰ্ববিষয়ত ক্ষমতাবান।-তাহৰীম:৮ ।
*** *** ***
Tags:
Quran