কানাডাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবাদকাৰীক সমৰ্থন জনাই কি কলে?



কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডু ভাৰতত কৃষকসকলে কৰা নতুন কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সমৰ্থনত কথা কোৱা প্ৰথম আন্তৰ্জাতিক ৰাষ্ট্ৰপ্ৰধান হিচাপে পৰিগণিত হৈছে।


গুৰুপুৰাব উপলক্ষ্যে কানাডাৰ নাগৰিকসকলক সম্বোধন কৰি, বিশেষকৈ শিখ ধৰ্মাৱলম্বী নাগৰিকসকলক শুভেচ্ছা জনাবলৈ তেওঁ এটা ভিডিঅ'ত এইদৰে কৈছিল:


 

 "ভাৰতৰ কৃষক সকলৰ প্ৰতিবাদৰ যি বাতৰি আহি আছে পোন প্ৰথমে তাৰ স্বীকৃতি প্ৰদান নকৰিলে মই ভুল কৰা হব। বিষয়টো খুবেই উদ্বেগজনক। আমি সকলোৱে পৰিয়াল আৰু বন্ধুবৰ্গৰ বিষয়ে অতি চিন্তিত। আমি জানো যে এই পৰিস্থিতি বৰ্তমান বাস্তৱতা হৈ পৰিছে। মই সকলোকে মনত পেলাই দিব বিচাৰোঁ, অহিংস আন্দোলনকাৰীৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত কানাডা সদায় থাকিব। আমি আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ প্ৰক্ৰিয়াত বিশ্বাস কৰোঁ। আমি এই উদ্বেগজনক বিষয়ৰ ওপৰত একাধিক উপায়েৰে ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছো। এয়া আমি সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ এক মুহূৰ্ত।"


ইয়াৰ আগতে, কানাডাৰ প্ৰতিৰক্ষা মন্ত্ৰী হৰজিৎ সিং ছজ্জনে টুইটাৰত লিখিছিল:


"ভাৰতত অহিংস ভাৱে হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা আক্ৰমণ খুবেই নিন্দাজনক। মোৰ সমষ্টিৰ বহুতো অংশৰ পৰিয়াল আছে আৰু তেওঁলোকে প্ৰিয়জনৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। স্বাস্থ্যকৰ গণতন্ত্ৰই শান্ত প্রতিবাদৰ অনুমতি দিয়ে। মই ভাৰতীয় প্ৰশাসনক নাগৰিকৰ এই মৌলিক অধিকাৰ ৰক্ষা কৰিবলৈ আহ্বান জনাওঁ।"

Post a Comment

Previous Post Next Post