জেছমিনাৰা আখতাৰক ন্যায় প্ৰদানৰ দাবীত অসম আৰু কৰ্ণাটকৰ মূখ্যমন্ত্ৰীলৈএছ. আই. অ'. ৰ স্মাৰক পত্ৰ প্ৰদান।


বাঙ্গালুৰৰ ইষ্ট ৱেষ্ট কলেজত বি এছ চি নাৰ্ছিং অধ্যয়ন কৰিবলৈ যোৱা ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা জেছমিনাৰা আখতাৰক ন্যায় প্ৰদানৰ দাবীত আজি এছ. আই. অ'. বৰপেটা জিলাৰ এক প্ৰতিনিধিবৰ্গই বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে অসম আৰু কৰ্ণাটকৰ মূখ্যমন্ত্ৰীলৈ চাৰিদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে। সংগঠনটোৰ প্ৰধান দাবী আছিল জেছমিনাৰা আখতাৰৰ গোচৰটোৰ উচিত তদন্তৰ উদ্দেশ্যে ন্যায়িক পৰ্যায়ৰ উচ্চস্তৰীয় স্পেচিয়েল ইনভেষ্টিগেচন টিম (SIT) গঠন কৰি ফাষ্ট ট্ৰ্যাক আদালতৰ জৰিয়তে গোচৰৰ দ্ৰুত সমাধান কৰি ভোক্তভোগীক ন্যায় প্ৰদান কৰা, যাতে দোষীয়ে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে মুকলি আকাশৰ তলত ওলাই আহিব নোৱাৰে। দ্বিতীয়তে, কৰ্ণাটকত অধ্যয়নৰত বাঙ্গালুৰৰ শিক্ষাৰ্থী সকলক বিশেষকৈ ছাত্ৰী সকলক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে বাঙ্গালুৰত কৰ্ণাটক আৰক্ষীৰ এক ২৪/৭ বিশেষ শাখা গঠন কৰা। বহিঃৰাজ্যত অধ্যনৰত অসমৰ সকলো ছাত্র-ছাত্ৰীৰ সামগ্ৰিক ভাৱে সুৰক্ষা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা। ভুক্তভোগী জেছমিনাৰা আখতাৰৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰা। আৰু শেষত ধৰ্ষণৰ বিৰুদ্ধে চৰকাৰক শক্তিশালী আইন প্ৰণয়ন কৰিবলৈ সংগঠনটোৱে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায়। ইয়াৰ সংগঠনৰ এক সঁজাতি দলে জেছমিনাৰা আখতাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জনাই আৰু আইনী প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰে।


এছ. আই. অ'. ৰ হৈ প্ৰতিনিধি দলত উপস্থিত থাকে সংগঠনৰ বৰপেটা জিলাৰ সভাপতি কায়েম উদ্দিন আহমেদ, অসম নৰ্থ জোনৰ সম্পাদক আজনুৰ হক, মাজগাওঁ চাৰ্কোলৰ তত্ত্বাৱধায়ক ইনামুল হক আৰু সংগঠনৰ সদস্য মোহীত আছলাম। 

1 Comments

Previous Post Next Post