বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান-2




হে বিশ্বাসী সকল:

 

  • -হে বিশ্বাসী সকল, যেতিয়া তোমালোকে সৈন্যবাহিনীৰ এজন হিচাপে অবিশ্বাসকাৰী শত্ৰুসেনাৰ সন্মুখীন হোৱা , তেতিয়া তোমালোকে পৃষ্ঠ প্ৰদৰ্শন নকৰিবা।-আন্ ফাল:১৫ ।
  • -হে বিশ্বাসী সকল, আল্লাহ আৰু তেওঁৰ ৰছুলৰ আনুগত্য কৰা। তেওঁৰ নিৰ্দেশ শুনাৰ পিছত তেওঁৰ পৰা আঁতৰি নাযাবা।-আন্ ফাল:২০।
  • -হে বিশ্বাসী সকল, আল্লাহ আৰু তেওঁৰ ৰছুলৰ আহ্বানত সহাৰি জনাবা, যেতিয়া ৰছুলে তোমালোকক সেই বস্তুৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক নব জীৱন দান কৰিব। ভালদৰে জানি থোৱা, আল্লাহ মানুহ আৰু তাৰ অন্তৰৰ মাজত বিদ্যমান। তেওঁৰ ওচৰত তোমালোকক সমবেত কৰা হ'ব।-আন্ ফাল   :২৪ ।
  • -হে বিশ্বাসী সকল,জানি শুনি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰছুলৰ লগত বিশ্বাস ভঙ্গ নকৰিবা। তোমালোকৰ পৰস্পৰৰ গচ্ছিত দ্ৰব্য (আমানত) সম্পৰ্কেও বিশ্বাস ভঙ্গ নকৰিবা।জানি থোৱা, প্ৰকৃততে তোমালোকৰ ধন সম্পদ আৰু সন্তান-সন্ততি তোমালোকৰ কাৰণে এটা পৰীক্ষা। আল্লাহৰ ওচৰতহে উত্তম পুৰষ্কাৰ আছে।-আন্ ফাল:২৭,২৮ ।
  • -হে বিশ্বাসী সকল,তোমালোকে যদি আল্লাহক ভয় কৰা, তেনেহলে আল্লাহে তোমালোকক (ভাল-বেয়া বিচাৰৰ) মানদণ্ড দান কৰিব। তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক ক্ষমা কৰিব। আল্লাহ মহা অনুগ্ৰহৰ অধিকাৰী।-আন্ ফাল:২৯ ।
  • -হে বিশ্বাসী সকল, যেতিয়া তোমালোকে (যুদ্ধত) কোনো দলৰ সন্মূখীন হোৱা তেতিয়া অবিচলিত হৈ থাকিবা আৰু আল্লাহক বেছিকৈ স্মৰণ কৰিবা যাতে তোমালোকে সাফল্য লাভ কৰিব পাৰা। আল্লাহ আৰু তেওঁৰ ৰছুলৰ আনুগত্য কৰিবা আৰু আত্মকলহ নকৰিবা, নহ'লে তোমালোকৰ মাজত দুৰ্বলতা সৃষ্টি হ'ব আৰু তোমালোকৰ শক্তি-সামৰ্থ বিলুপ্ত হ'ব। ধৈৰ্য ধাৰণ কৰিবা। নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত থাকে। -আন্ ফাল:৪৫,৪৬ ।

Post a Comment

Previous Post Next Post