২২ এপ্ৰিল, ২০২০
- দিল্লীৰ মেক্স হাস্পতালৰ সাফল্য।দেশত প্ৰথম প্লাজমা থেৰাপীৰে সুস্থ হৈছে এজন কৰোণা ৰোগী।তেজ দিলে আৰোগ্য হোৱা ক'ভিড-১৯ আক্ৰান্তই।
- চীনৰ পৰা অনা স্বাস্থ্য সজুলিত ক্ৰুটি।ICMR এ দেশত দুদিনলৈ বন্ধ কৰিলে ৰেপিড টে'ষ্টিঙ। অসমতো সদ্যহতে বন্ধ কৰিলে ৰেপিড টে'ষ্টিঙ।
- বিশ্ব জুৰি ইন্ধনৰ চাহিদা ৩০ শতাংশ হ্ৰাস। লকডাউন ত ধৰাশায়ী তেলৰ বজাৰ।পেট্ৰ'পণ্য উৎপাদনকাৰী দেশৰ হাহাকাৰ।পানীতকৈও কমিল খাৰুৱা তেলৰ মূল্য। ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰতিলিটাৰ খাৰুৱা তেলৰ মূল্য ৭টকাকৈ হ্ৰাস।
- বিত্তীয় সঙ্কটৰ পৰা উদ্ধাৰৰ অজুহাতত দিছপুৰৰ সিদ্ধান্ত, ৰাজ্যত পেট্ৰ'ল-ডিজেলত ৫ টকাৰো অধিক অতিৰিক্ত ভেট আৰোপ।আজিৰ পৰা প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৭.৪৬টকা,ডিজেলৰ ৭০.৫০টকালৈ বৃদ্ধি।
- ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰী গোটৰ বৈঠক।৩ মে' ৰ পিছত গ্ৰীন জোনত লকডাউন শিথিল কৰাৰ বিবেচনা। হটস্পট এলেকাত অব্যাহত থাকিব লকডাউন।
- ৰাজ্যত লকডাউন কিছু শিথিল।৩৩ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে ২৮দিনৰ মূৰত আৰম্ভ হ'ল জনতা ভৱনৰ কাম-কাজ।
- দেশত সঙ্ক্ৰমিতৰ সঙ্খা ১৮,৬০১ লৈ বৃদ্ধি। আৰোগ্য লাভ কৰিছে ১৭.৪৮ শতাংশ কৰোণা ৰোগীয়ে। মহাৰাষ্ট্ৰ গুজৰাটত দ্ৰুত গতিত বৃদ্ধি আক্ৰান্তৰ হাৰ। কেৰেলাত নতুনকৈ ১৯ৰোগী চিনাক্ত।
- ৰাষ্ট্ৰপতি ভৱন চৌহদত সঙ্ক্ৰামণৰ পিছতে নতুন আতঙ্ক । লোকসভা সচিবালয়,আয়ুষ্মান ভাৰতৰ কৰ্মচাৰী আক্ৰান্ত হ'ল কভিড১৯ ত।
- গভীৰ সঙ্কটত যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি। আমেৰিকানৰ সঙ্থাপনৰ সুৰক্ষাৰ স্বাৰ্থত ট্ৰাম্পে বাতিল কৰিব প্ৰবজন ভিছা।
- ইউৰোপত হ্ৰাস পাইছে মৃত্যুৰ হাৰ। বিশ্বত কৰোণা ৰোগীৰ সঙ্খা ২৫ লাখ অতিক্ৰম। আমেৰিকাত ২৪ ঘন্টাত তিনি সহস্ৰাধিকৰ মৃত্যু।
- মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইন্ডসহ বহু সন্ত্ৰাসবাদীৰ নাম বাদ দিয়াক লৈ প্ৰশ্ন। সন্ত্ৰাসবাদীৰ তালিকাৰ পৰা ওঠৰশৰ নাম কৰ্তন পাকিস্তানৰ।
স্থানীয়-
- তেজপুৰত জন ধন আঁচনিৰ ৫০০ টকা বিচাৰি বিভিন্ন বেংকলৈ ওলাই আহিল শ শ লোক।
- 'ভাষণ নহয়, ৰেচন আৰু বেতন প্ৰদান কৰক'- ৰাজ্যত পাঁচ বাওঁপন্থী সংগঠনৰ প্ৰতিবাদী দিৱস পালন।
- কৃষি বিভাগৰ চৰম ব্যৰ্থতা। ওদালগুৰিত পথাৰতে পচিছে হেজাৰ হেজাৰ কুইণ্টল ৰঙালাও।
- ২৪ এপ্ৰিলৰ পৰা ৰমজানৰ ৰোজা।
- ট্ৰাকচালক-হেণ্ডিমেনৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ।
- বহু শিক্ষাৰ্থীৰ নাই স্মাৰ্টফোন। শিক্ষাৰ্থীক পাঠদানৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণৰ দাবী।
- ডিটেনচন কেম্পত আৱদ্ধ দৰিদ্ৰক জমিয়ত উলেমাই দিব আইনী সাহায্য।
- লকডাউনৰ মাজতে টোলগ'ট খোলাৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী।
- লকডাউনত শ্ৰমজিৱী-চালক-হোটেল ৰেষ্টুৰেণ্টৰ গৰাকী-শ্ৰমিকৰ শোচনীয় অৱস্থা।
- কোকৰাঝাৰ-বইটামাৰী-তামাৰহাট-দোতমা-সৰ্থেবাৰীত ধুমুহাত বিস্তৰ ক্ষতি।
- ইজৰাইলত লকডাউনত অতিষ্ঠ ১০ সহস্ৰাধিক লোকৰ মাস্ক্ পিন্ধি প্ৰতিবাদ।
***
Tags:
news