- হে বিশ্বাসী সকল, তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰন নকৰিবা। যিজনে চয়তানক অনুসৰণ কৰে তাক সি অশ্লীল আৰু পাপ কৰ্মৰ আদেশ দিয়ে। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নহ'লহেঁতেন, তেনেহলে তোমালোকৰ কোনেও কেতিয়াও পৱিত্ৰতা লাভ কৰিব নোৱাৰিলাহেতেন। পিছে আল্লাহে যাক ইচ্ছা কৰে তাক পৱিত্ৰ কৰে।আ- ল্লাহ সৰ্বশ্ৰোতা,সৰ্বজ্ঞ।-নুৰ:২১ ।
- হে বিশ্বাসী সকল, নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত গৃহস্থৰ অনুমতি নোলোৱালৈকে আৰু গৃহস্থক নজনোৱাকৈ প্ৰবেশ নকৰিবা। এনে কৰা তোমালোকৰ বাবে শ্ৰেয়: ।আশা কৰা হৈছে তোমালোকে কথাটো মনত ৰখিবা। যদি ঘৰত কাকো নোপোৱা, প্ৰৱেশৰ অনুমতি নোপোৱাকৈ তাত প্ৰৱেশ নকৰিবা আৰু যদি তোমালোকক উভতি যাবলৈ কোৱা হয়, তেনেহলে তোমালোকে উভতি যাবা। এয়া তোমালোকৰ বাবে উত্তম কৰ্মনীতি। তোমালোকে যি কৰা, সেয়া আল্লাহে ভালকৈয়ে জানে।-নুৰ:২৭,২৮ ।
shamodol
Tags:
Quran
