খবৰৰ আগে-পিছে:


  • আমেৰিকাৰ পিছত এইবাৰ চীনা বিজ্ঞানী ঝিয়াও বোটাওৰ অভিযোগ। উহানৰ গৱেষণা প্ৰতিষ্ঠানৰপৰাই দুৰ্ঘটনাবশত: সূচনা হৈছিল কৰোণাৰ সঙ্ক্ৰামণ। ইন্সষ্টিটিউট অফ ভাইৰ'লজিৰ সুৰক্ষা ব্যৱস্থাত উদ্বিগ্ন
    দুবাৰকৈ পত্ৰ প্ৰেৰণ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই। কৰোণামুক্ত হ'ল চীনৰ উহান। চিকিৎসালয়ৰ পৰা
    সকলো আক্ৰান্তক মুক্তি।
  •  লকডাউনত ভয়ঙ্কৰ আৰ্থিক সঙ্কট, অচিৰেই ঘোষিত হ'ব দিছপুৰৰ ব্যয় সঙ্কোচন নীতি। ৰাজ্য চৰকাৰে বন্ধ
    কৰিব সকলো নতুন নিযুক্তি। বিষয়াৰ দিল্লী ভ্ৰমণ, দেশ-বিদেশত প্ৰশিক্ষণ,বাহন ক্ৰয়তো বাধা আৰোপ।
    কৰ্তন হ'ব বিভাগসমূহৰ নিজাববীয়াকৈ পুজি ব্যয়ৰ ক্ষমতা। বিভাগীয় বিভাগীয় মেৰামতি, ব্যৱস্থাপনা
    শিতানৰ ধনো কৰিব হ্ৰাস।
  •  আজি অন্ত পৰিব BTAD পৰিষদৰ ম্যাদ। দায়িত্বক লৈ অনিশ্চিয়তা।কৰোণাৰ দোহাই দি ৰাজ্যপালক
    কাৰ্যকাল বৃদ্ধিৰ আবেদন হাগ্ৰামা প্ৰশাসনৰ।কাৰ্য-কাল বৃদ্ধিত তীব্ৰ বিৰোধিতা UPPL,ABSU ৰ।
  •  ২৭ হেজাৰ অতিক্ৰম দেশত কৰোণা ৰোগী, মৃত্যু ৮৩৭| ২৪ ঘন্টাত দুই সহস্ৰাধিক আক্ৰান্ত,৪৭ জনৰ মৃত্যু।আহমেদাবাদক হটস্পট ঘোষণা। দিল্লীত কিছুমান ঠাইত ম'বাইল, কাপোৰ,মনিহাৰী দোকান খোলাৰ অনুমতি।
  •  আন্তঃজিলা যাতায়তৰ সময়সীমা ৩০ এপ্ৰিললৈ বৃদ্ধি, নিৰ্দিষ্ট স্থানলৈ গৈ ঘূৰি অহাৰ আবেদন কৰা ৩৪,৫৫৯ এ পাব এই সুবিধা।ৰেড জ'নলৈ যাব পাৰিব, আহিব নোৱাৰে।
  •  কোটাৰ পৰা গৃহভূমিত উপস্থিত হ'ল ৰাজ্যৰ ৩৯১ জন শিক্ষাৰ্থী।সৰুসজাইত ৫ দিন ৰাখিব কোৱাৰেন্টাইনত।
  •  তিনি মে'ৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত আজি ৰাজ্যৰ মূখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধান মন্ত্ৰী মোদীৰ ভিডিঅ'-
    কনফাৰেন্স।
  •  ছীল কৰা হ'ল বাঙলাদেশৰ বিখ্যাত ইস্কন মন্দিৰ। পুৰোহিত,সহায়কসহ ৩৬ গৰাকী সন্নাসী কৰোণা
    ভাইৰাছত আক্ৰান্ত।।
  •  আজি মুম্বাই সোধা-পোছা কৰিব অৰ্ণৱ গোস্বামীক।
  •  ৩০ এপ্ৰিলৰ পূৰ্বে বহি:ৰাজ্যত আৱদ্ধ তিনি লাখে পাব দুহেজাৰ টকাকৈ। পেয়িঙ গেষ্ট, ভাড়াঘৰৰ গৰাকীক মাছুল-ভাড়া ৰেহাই দিয়াৰ আহ্বান। ধুবুৰীত হ'ব ৰেন্ডম টেষ্ট।

Post a Comment

Previous Post Next Post