খবৰৰ আগে-পিছে


২৪ এপ্ৰিল, ২০২০

Today's news Headlines

  • ঘাতক ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰোছৰ কঠোৰ সতৰ্কবাণী। দীঘলীয়া হ'ব ক'ৰ'নাৰ বিৰুদ্ধে যুজঁ। লকডাউন খুলিলেই ভয়াৱহ হ'ব সংক্ৰমণ। 'খৰধৰ কৰি ভুল নকৰিব-সংগ্ৰাম এতিয়াও বহু বাকী, পৃথিৱী আগৰ পৰিস্থিতিলৈ এতিয়াই ঘূৰি যাব নোৱাৰে, এই অৱস্থাকে স্বাভাৱিক বুলি ধৰি লৈ আগুৱাব লাগিব।
  • লকডাউনৰ এমাহ পূৰ্তিৰ দিনা ১,২৭৩ লোক আক্ৰান্ত। দেশত ক'ৰ'না আক্ৰান্ত ২১,৭৯৭, মৃত্যু হ'ল ৬৮১ গৰাকীৰ।
  • শদিয়া-সোণাৰিত পৰ্যালোচনা বৈঠকৰ পিছত মুখ্যমন্ত্ৰী। ১০৪ নম্বৰত সঁহাৰি নাপালে জিলা প্ৰশাসনৰ হেল্পলাইনত যোগাযোগ কৰক। কৃষকৰ ফচল উচিত মূল্যত বিক্ৰীৰ দায়িত্ব লবলৈ প্ৰশাসনক আহ্বান।
  • বাংলাদেশত ক'ৰ'না ভাইৰাছত আক্ৰান্তক লৈ সংঘটিত হ'ল মৰ্মন্তুদ ঘটনা। হাস্পাতালতে হিন্দু মহিলাৰ মৃতদেহ এৰি থৈ আত্মীয়ৰ পলায়ন।
  • গোৱালপাৰা-নলবাৰী-মৰিগাঁও-গোলাঘাট-ধুবুৰী। ৰেড জ'নৰ পাঁচখন জিলাৰ পৰা কোনো ব্যক্তি যাব নোৱাৰিব আন জিলালৈ।

  • আজি অসম অভিমুখে আহিব কোটাত আৱদ্ধ ৰাজ্যৰ শিক্ষাৰ্থী। বিশেষ বিমানেৰে ৰাজস্থানত উপস্থিত হ'ল ৰাজ্য চৰকাৰৰ দল।
  • 'স্পেনিছ গাৰ্ডেন'ত নমুনা সংগ্ৰহ। ৰাজ্যত ক'ৰ'নাত আক্ৰান্তক চিনাক্তকৰণৰ ৰেপিড টেষ্ট আৰম্ভ।

স্থানীয়

  • লকডাউন‌ৰ সুযোগত টিৰাপ বনাঞ্চলত বন ধ্বংসযজ্ঞ। 
  • বিনাচিকিৎসাই শিলচৰ মেডিকেল কলেজত মহিলাৰ মৃত্যু। 
  • লকডাউনৰ বাবে শোণিতপুৰৰ সহস্ৰাধিক মৎস্যজীবী পৰিয়ালৰ হাহাকাৰ।

Post a Comment

Previous Post Next Post