Notes from Taiz Uddin Ahmed

এখন গাওঁত এজন বৰ দুষ্ট মানুহ আছিল ৷ সুবিধা পালেই লোকৰ ধনৰ পৰা চান কাঢ়িছিল ৷কোনোবাই কিবা বস্তু কিনিবলৈ দিলে তাৰ পৰা আসৈ মাতি হলেও কিছু ধন নিজৰ মোনাত  সোমোৱাই লৈছিল ৷ সময় বাগৰাৰ লগে লগে পৰৰ ধন লুটি ধনী হোৱাৰ স্বভাৱটো চৰিত্ৰ হৈ পৰিল ৷
 সময়ত তাৰ দেউতাকে টান নৰিয়াত পৰিল ৷ মাকে ঔষধ কিনিবলৈ দিয়া টকাৰ পৰাও প্ৰতিদিন সি চান কাঢ়ি বলৈ ধৰিলে ৷
কিছুদিন পিছত তাৰ মাকৰ তহবিল খালী হ'ল ৷ গাওঁৰ ৰাইজে উপায় হিচাপে কিছু কিছু দান সংগ্ৰহ কৰি তাৰ দেউতাৰ চিকিৎসাৰ বাবে দিলে ৷ সেই ধনৰ পৰাও সি কিছু টকা সৰকালে ৷
কিছুদিন পিছত তাৰ দেউতাক ঢুকাল ৷
 উপায় নাপাই ৰাইজে দান বৰঙণি তুলি মৃতকৰ কাফন কিনাৰ বাবে ব্যৱস্থা কৰিলে ৷ পুতেকে কাফন কিনিবলৈ গৈ দোকানীৰ পৰা কাপোৰ, চাবোন , আতৰ, ধুপ ধুনা আদি কিনিলে ৷ ৰাইজে দিয়া ধনৰ পৰা সি এইবাৰ অলপ বেছিকৈ চান কাঢ়িবৰ উদ্দেশ্যে ২৫% ধন নিজৰ জেপত সোমোৱাই ললে ৷
 এই বাৰ তাৰ চিন্তা হ'ল ৷ বাৰে বাৰে তো দেউতা নৰিয়াত নপৰে ৷ বাৰে বাৰে তো দেউতা নমৰে ৷ এতিয়া উপায় কি কৰা যায় ?

 অৱশেষত সি বুদ্ধি এটা পাঙিলে ৷ সি ভাবিলে যে এই বাৰ নিজৰ উপৰতে নিৰ্ভৰ কৰিম ৷ মই তো মৰিম ৷ তেতিয়াও ৰাইজে দান বৰঙণি তুলি কাফন কিনিবলৈ যিখিনি ধন দিব  সেই ধনৰ সকলো খিনিয়েই কেল্লা ফতে কৰি দিম ৷ পুৰা কাফনৰ টকা খিনি খাই দিম ৷ মোৰ কি দৰকাৰ কাফনৰ ?

   -- তাইজ উদ্দিন আহমেদ ।

Post a Comment

Previous Post Next Post