আমি সচাকৈ ফটা ঢোলকে বজাই আছোঁ নেকি?

যুদ্ধ লগাৰ আগতেই আমি ৰণ জিকাৰ বিজয় উৎসৱ পাতিলো নেকি? পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা সামগ্ৰী থকা বুলি দাবী কৰা কথা তেন্তে ফটা ঢোলত চাপৰ আছিল নেকি? সাম্প্ৰতিক পৰিস্থিতিয়ে তাকে ক'বলৈ বাধ্য কৰিছে। আমাৰ বাক পটু স্বাস্থ্য মন্ত্ৰীৰ কৰ্ম তৎপৰতাত আমি নিশ্চিন্ত আছিলোঁ। সকলোৱে বা:বা: বুলি সলাগিছিল। অৱশ্যে সলাগিবলগীয়া কথাও।কৰোণামুক্তজনক হেলিকপ্টাৰত উঠি গৈ গামোচা এটা পিন্ধোৱা বৰ ভাওনা চাই আমাৰ নিচিনা অবাজনেতো ৰণ জিকাৰ বিজয় উৎসৱ পতা হৈ আছে বুলি ভাবি স্বস্থিৰ নিশ্বাস পেলাইছিলো । কিন্তু দিনদুয়েকৰ পৰিৱেশ- পৰিস্থিতি পৰ্যালোচনা কৰি এক ভয়ংকৰ চিত্ৰ এটা দেখিবলৈ পাই আছোঁ। ভাৰতৰ অধিকাংশ ৰাজ্যৰ তুলনাত আজিও অসমৰ পৰিস্থিতি সিমান বেয়াৰ ফালে নাই যোৱা।কিছু উদ্দেগজনক যে সেয়া ধূৰূপ। কিন্তু এই অৱস্থাততেই যেন আমাৰ 'ঢাল নাই, তৰোৱাল নাই,নিধিৰাম চৰ্দাৰ' ৰূপ ওলাই পৰিছে। চিকিৎসা কৰ্মীসকলৰ অসহায় অৱস্থালৈ চাই আমি আতঙ্কগ্ৰস্ত হৈ পৰিছো।কৰোণা আক্ৰান্ত চিকিৎসকৰ মন্তব্যই সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ।অসহায় চিকিৎসকে নিষ্ঠুৰ সত্য প্ৰকাশ কৰিবলৈ বাধ্য হৈছে।কৰোণা আক্ৰান্ত চিকিৎসকে স্বীকাৰ কৰিছে যে, PPE কিট পোৱা বুলি ক'লে ভুল হ'ব। GMCH ত কৰ্তব্য পালনৰ সময়ত মাস্ক-ছেনিটাইজাৰ-গ্লোভছহে যোগান ধৰা হৈছিল।  থৰ-কাচুটি হেৰুৱা স্বাস্থ্য মন্ত্ৰীয়ে কৈছে PPE কিট চূড়ান্ত সমাধান নহয়। ইফালে আকৌ স্বাস্থ্য বিভাগে উপায়ুক্তলৈ নিৰ্দেশ দিছে,চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক PPE কিট, মাস্ক নিয়মীয়াকৈ যোগান ধৰক। বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে চিকিৎসকৰ অসহায় অৱস্থাৰ কৰুণ চিত্ৰ। পৰ্যাপ্ত PPE কিট থকা বুলি দাবী কৰি অহাৰ বিপৰীতে প্ৰয়োজনীয় চিকিৎসা সজুলি অবিহনে GMCH ত দায়িত্ব পালন কৰিছে চিকিৎসকে।পৰস্থিতি ইমানলৈ বাগৰিছে যে, টেলিফোনত সাঙবাদিকক নিজৰ অসহায় কথা বৰ্ণনা কৰিবলৈ বাধ্য হৈছে চিকিৎসক ছাত্ৰই। এইবোৰ পৰিঘটনাই চিকিৎসা ব্যৱস্থাৰ ফোঁপোলা ৰূপটো প্ৰকাশ নকৰেনে? সত্যক ঢাকি ৰখাৰ অপচেষ্টা কৰা বাতুলামিৰ অইন একো নহয়। আভুৱা ভাৰি সকলোকে সকলো সময়ৰ কাৰণে বুৰ্বক বনাই থব নোৱাৰি। ধৰ্মৰ মদিৰা খোৱাই চিৰদিনলৈ গোটেই জাতিটোক মোহাছন্ন কৰি ৰখাৰ বেথা চেষ্টা নকৰাই সকলোৰে কাৰণে ভাল হ'ব। দুৰ্বলতা থাকিবই পাৰে বা প্ৰচেষ্টাত হীন-দেৰী হ'ব পাৰে । কিন্তু সফলতাৰ কাৰনে আন্তৰিকতা পূৰ্ণ প্ৰচেষ্টাৰ বিকল্প নাই। এই কথা বুজিবলৈ সকলোৰে সুমতি হওঁক।

Post a Comment

Previous Post Next Post