:বিশ্বাসী সকলৰ প্ৰতি কোৰআনৰ আহ্বান:

হে বিশ্বাসী সকল, আল্লাহক ভয় কৰা আৰু প্ৰত্যেক ব্যক্তিয়েই লক্ষ্য কৰা উচিত কাইলৈৰ (পৰকালৰ) সি কি ব্যৱস্থা কৰিছে। আল্লাহক ভয় কৰি থাকা। তোমালোকে যি কৰা,সেই বিষয়ে নিশ্চয় আল্লাহ অৱস্থিত। যিবিলাকে আল্লাহক পাহৰি গৈছে তোমালোক সিহতৰ দৰে নহবা। সেয়ে আল্লাহে সিহতক নিজকে পাহৰাই দিলে।দুষ্কৃতিকাৰী মানুহ এই বিলাকেই ।জাহান্নামবাসী আৰু জান্নাতবাসী কেতিয়াও সমমৰ্যদাৰ হ'ব নোৱাৰে।জান্নাতবাসীসকলহে প্ৰকৃত সাফল্যমণ্ডিত।
আমি যদি এই কোৰআন কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেতেন, তেনেহলে তুমি দেখিলাহেতেন যে আল্লাহৰ ভয়ত পৰ্বতমালা তললৈ বহি গৈছে আৰু ভাঙি চুৰমাৰ হৈ গৈছে। এইবোৰ উপমা মানুহৰ আগত আমি এইবাবেই দাঙি ধৰো যাতে সিহতে (নিজ অৱস্থা সম্পৰ্কে) চিন্তা- ভাৱনা কৰে।-হাছৰ:১৮,১৯,২০ ।

Post a Comment

Previous Post Next Post