হে বিশ্বাসী সকল, মই তোমালোকক এনে এটা বাণিজ্যৰ সন্ধান দিমনে, যিটোৱে তোমালোকক কঠোৰ শাস্তিৰ পৰা ৰক্ষা কৰিব? (সেয়া হ'ল) তোমালোকে আল্লাহ আৰু ৰছুলৰ প্ৰতি বিশ্বাস স্থাপন কৰা নিজ ধন সম্পদ দি আৰু জীৱন পণ কৰি আল্লাহৰ পথত জিহাদ কৰা। এয়া তোমালোকৰ কাৰণে অতিশয় কল্যাণকৰ, যদিহে তোমালোকে অনুধাৱন কৰিব পাৰা।( তেনে কৰিলে) আল্লাহে তোমালোকৰ পাপবোৰ ক্ষমা কৰি দিব আৰু তোমালোকক এনে জান্নাতত প্ৰৱেশ কৰাব, য'ত নিজৰাসমূহ সদা প্ৰবাহমান।এই চিৰস্থায়ী জান্নাতত তোমালোকক অতি উত্তম বাসগৃহ প্ৰদান কৰা হ'ব, এয়াই পৰম সফলতা। আৰু তোমালোকে অইন যিটো অনুগ্ৰহ বিচৰা সেয়াও তোমালোকক দিব, অৰ্থাৎ আল্লাহৰ সাহায্য আৰু আসন্ন বিজয়।হে নবী মুমিন সকলক এই সুসঙ্বাদ দিয়া।-ছফ:১০,১১,১২,১৩ ।
Tags:
Quran