।
অনুজ ভাতৃসম বন্ধুবৰ মনজুৰুল হক চৌধুৰীয়ে আজি পূৱাতে'বিশ্ব টালি-টোপোলা বন্ধা দিৱস' ৰ শুভেচ্ছা জনোৱা কথাটোৱে এক নিৰ্মম বাস্তৱ ছৱি প্ৰকাশ কৰাৰ নিৰ্মোহ প্ৰয়াসক অভিনন্দন জনাইছোঁ। আজি দিন দুয়েক পলম কৰি হ'লেও আৰু মাত্ৰ অলপ আওপকী- য়াকৈ হলেও আমাৰ প্ৰধান মন্ত্ৰীয়ে যে তাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা এষাৰ ৰাখিব পাৰিছে, আমি ধন্য হ'বলগীয়া কথা।নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল অসমৰ বাঙলাদেশীয়ে ১৬ মে'ৰ পিছত টালি-টোপোলা বান্ধিব লাগিব। আজি ১৬ মে'ৰ আগৰ পৰাই গোটেই ভাৰতৰ খাটিখোৱা শ্ৰমিক জনতাক টালি টোপোলা বন্ধাই ৰাজ পথত নমাই আনি নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ সফল ৰূপায়ণ কৰিলে। বিশেষকৈ তাৎপৰ্যপূৰ্ণ কথা এইটো যে আজি ১৬ মে'ত ১৪ জন ভুকাৰ্ত শ্ৰমিক জনতাৰ ৰঙা ৰঙৰ তেজেৰে ৰাজপথ ৰাঙলী কৰি আমাৰ জনদৰদী চৰকাৰে এই বিশেষ দিনটোক স্মৰণীয় কৰি তুলিলে। ৰজাই ভুল কৰিব নোৱাৰে।ৰজাতো দেৱ শক্তি। ৰজা তুষ্ট হ'লে ভগৱান তুষ্ট। এয়াই আজিৰ দিনৰ শিক্ষা। সেয়ে ৰজাই যি ক'ব আমি বিনাবাক্যে তাক মানি যাম। ইয়াত ভোকত প্ৰাণটো গলেও, পৰলোকত মোক্ষম প্ৰাপ্তি নিশ্চিত।ই জগততো আছে হিয়া জুৰ পৰা প্ৰতিশ্ৰুতিৰ লানি নিছিগা বাহাৰ। লকডাউন হ'লেও মদিৰাৰ যোগান ঠিকেই চলিছে। আকৌ বেঙ্ক যোগে ৫০০ টকীয়া উপহাৰতো আছেই। এনেকৈয়ে চলি যাব দিন বাৰ মাহ। ৰজাই প্ৰতিশ্ৰুতি দিব আমি হাত চাপৰি বজাম।
ৰজাৰ হুকুম,থালি বাটি বজাই ৰাজপথত মিছিল কৰি কৰোণাক স্বাগতম জনালোঁ,টৰ্চ জলাই- মমবাতি জলাই কৰোণাক বাট দেখুওৱালো, PPE কিট দিব পৰা সুবিধা নথকাৰ নি:কিন অৱস্থাতো চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক হেলিকপ্টাৰৰে পূষ্পাঞ্জলী দিয়া হ'ল, আমি বা: বা: দিলোঁ, হাত চাপৰি বজালো।কি মজা। এতিয়া কৰোণা আহি বাটচৰা পোৱাত টালি টোপোলাৰে সৈতে শ্ৰমিক জনতাক ৰাজপথলৈ উলিয়াই দিয়া হ'ল কৰোণাৰ ভোগলৈ বুলি।বা: ধন্য ৰজাৰ পূণ্য দেশ।সদৌটিলৈ বিশ্ব টালি টোপোলা বন্ধা দিৱসৰ শুভেচ্ছা।

Tags:
Politics