২৪ এপ্ৰিল ২০২০ ত ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামীক পালঘৰ লিঞ্চিংৰ ওপৰত তেওঁ কৰা ভুৱা আৰু উচটনিমূলক অনুষ্ঠানৰ বাবে সমগ্ৰ দেশত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা একাধিক এফআইআৰৰ ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে গ্ৰেপ্তাৰৰ পৰা অন্তৰ্ৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে।
দুই মাহ মান পিছত নিউজ ১৮ ৰ অমিশ্ব দেৱগনকো খাজা মইন
দ্দীন চিস্তি সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ৰোজু হোৱা বহুকেইটা এফআইআৰৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ে একেদৰেই সুৰক্ষা প্ৰদান কৰে।
কিন্তু ২৭ জানুৱাৰী ২০২১ তাৰিখে এমাজন ৱেব ছিৰিজ তাণ্ডৱৰ নিৰ্মাতা তথা অভিনেতা সকলে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত ধৰ্মীয় অনুভূতিত আঘাত কৰা অভিযোগৰ ওপৰত তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত ৰোজু হোৱা বহুতো গোচৰৰ ক্ষেত্ৰত যেতিয়া উচ্চতম ন্যায়ালয়ত যেতিয়া সুৰক্ষা বিচাৰি আবেদন কৰা হৈছিল তেতিয়া আবেদনকাৰীসকলক গ্ৰেপ্তাৰৰ পৰা কোনো সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল।
ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই পক্ষপাতীত্ব কিয়?
