জৰ্জ ফ্লয়েডৰ মৃত্যুৰ সময়ত টুইট কৰা সকল এতিয়া নিমাত কিয়?

 

২৫ মে, ২০২০ তাৰিখে আমেৰিকাৰ মিন্যাপলিছ আৰক্ষীয়ে জৰ্জ ফ্লয়েড নামৰ ৪৬ বছৰীয়া ব্যক্তি এজনক নিৰ্মম ভাৱে হত্যা কৰে। মৃত্যুৰ আগত জৰ্জ ফ্লয়েডৰ মুখত শেষ কথা আছিল, "মই উশাহ লব পৰা নাই। 

গোটেই আমেৰিকাত এই কাণ্ডৰ তীব্ৰ নিন্দা জনোৱা হয়। জৰ্জ ফ্লয়েডক অমানুষিক ভাৱে হত্যা কৰা ৮ মিনিটৰ ভিডিঅ মূহুৰ্ততে গোটেই বিশ্বতে ভাইৰেল হৈ পৰে। ফ্লয়েডৰ মৃত্যুৰ পিছৰ দিনা এই কাণ্ডৰ সৈতে জৰিত চাৰিওজন আৰক্ষী বিষয়াক কৰ্মৰ পৰা নিলম্বন কৰা হয়। গোটেই আমেৰিকাৰ লগতে ভাৰতবৰ্ষকে ধৰি বিশ্বৰ প্ৰায় প্ৰত্যেক দেশতে এই কাণ্ডৰ নিন্দা জনাই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

একে ধৰণৰ কাণ্ড সংঘটিত হৈছিল ভাৰতৰ ৰাজধানী দিল্লীত। ২৪ ফেব্ৰুৱাৰী ২০২০ তাৰিখে দিল্লীত চলি থকা মুছলমান গণহত্যাৰ সময়ত দিল্লী আৰক্ষীয়ে চাৰিজন মুছলমান যুৱকক নিৰ্মম ভাৱে প্ৰহাৰ চলাই আৰু ৰাষ্ট্ৰীয় সংগীত গাবলৈ বাধ্য কৰে, ইয়াৰে এজন যুৱকৰ পিছত মৃত্যু হয়। ফ্লয়েডৰ মৃত্যুৰ ভিডিঅ যেনেকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছিল এই ভিডিঅটোও ঠিক একেদৰেই ভাইৰেল হৈ পৰিছিল। আমেৰিকা আৰক্ষী প্ৰশাসনে নিৰ্মম ভাৱে হত্যা কৰা ফ্লয়েডৰ মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ভাৰতীয় সকলে কিন্তু নিজৰ দেশতে আৰক্ষী বৰ্বৰতাৰ সন্মুখীন হৈ মৃত্যু বৰণ কৰা মুছলমান যুৱকৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰা দেখা নগল!

দেশৰ ৰাজধানী দিল্লীত আকৌ একেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটে ২৬ জানুৱাৰী, ২০২১ তাৰিখে কৃষক আন্দোলনত। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ পাঞ্জাৱৰ কৃষকসকলে প্ৰায় তিনিটা মাহ ধৰি দিল্লীৰ সীমান্তৱৰ্তী এলেকাত ১℃ ৰ নিচিনা কঠিন শীত নেওচি তেওঁলোকৰ ন্যায্য দাবীক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে। গণতন্ত্ৰ দিৱসৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰী কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰ আহ্বান কৰে। আৰু সেইটো সময়তে দিল্লী আৰক্ষীয়ে অংশগ্ৰহণকাৰী সকলৰ সৈতে তীব্ৰ সংঘাতত লিপ্ত হয়। এজন ব্যক্তিয়ে বুলেটৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। তথাকথিত এক্টিভিষ্ট সকলে আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰুদ্ধে মাত নামাতিলে কিয়? চৰকাৰে কিয় আৰক্ষীৰ এনে বৰ্বৰতা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰে? আমেৰিকাত জৰ্জ ফ্লয়েডৰ মৃত্যুৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা নেতা-কৰ্মী সকলে ভাৰতীয় 'জৰ্জ ফ্লয়েডৰ' সকলৰ অমানুষিক মৃত্যুৰ বিৰুদ্ধে মাত নামাতে কিয়!


Post a Comment

Previous Post Next Post