ম্যানমাৰত শাসনভাৰ কাঢ়ি নিলে সামৰিক বাহিনীয়ে।


ম্যানমাৰৰ সামৰিক বাহিনীয়ে আকৌ এবাৰ দেশখনৰ গণতান্ত্ৰিক চৰকাৰৰ পৰা শাসনভাৰ কাঢ়ি নিয়ে, আৰু দেশখনত এক বছৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ইয়াৰ আগতে দেশখন ২০১১ লৈকে সশস্ত্ৰ বাহিনীৰ দ্বাৰা শাসন কৰা হৈছিল, তেতিয়া নামমাত্ৰ অসামৰিক চৰকাৰে শপত গ্ৰহণ কৰিছিল।


সামৰিক বাহিনীয়ে কৈছে যে ৰাজনৈতিক ক্ষমতা বৰ্তমান দেশখনৰ আৰ্মি কমাণ্ডাৰ ইন চিফ মিন অং হলিংক হস্তান্তৰ কৰা হৈছে। দেশখন গণতন্ত্ৰৰ পিনে গতি কৰাৰ পিছতো তেওঁৰ নেতৃত্বত দেশৰ সামৰিক বাহিনী, তাত‌্‌মাদাও নিজৰ শক্তিশালী ভেটি বজাই ৰাখিবলৈ সক্ষম হৈছিল।


উৎস: BBC

Post a Comment

Previous Post Next Post